সমললৈ যাওক

পৃষ্ঠা:কামৰূপীয় সঙ্গীত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪ )

ৰামায়ণ, নানাৰকমৰ পুৰাণ আদি আৰ্য্যসকলৰ প্ৰাচীন গ্ৰন্থতেই পোৱা যায়। হিন্দুৰ প্ৰধানতম্ সঙ্গীত শাস্ত্ৰ ‘সঙ্গীত দৰ্পণ’ত উল্লেখ আছে :—

“সংসাৰ দুঃখদগ্ধানাং উত্তমানাং অনুগ্ৰহাৎ।
“প্ৰভুণা শঙ্কৰেণাত্ৰ গীত-বাদ্যং প্ৰকাশিতং॥”

 “সংসাৰৰ দুখ প্ৰপ্ৰীড়িত উত্তমসকললৈ অনুগ্ৰহ কৰি প্ৰভু শঙ্কৰে এই পৃথিবীত গীত-বাদ্য প্ৰকাশ কৰিলে।” বৃহন্নাৰদীয় সংহিতাৰ ৰাগাধ্যায়ত উল্লেখ আছে যে শিৱ-শক্তিৰ যোগত শিৱৰ মুখৰ পৰা শ্ৰীৰাগ, বসন্ত, ভৈৰব, পঞ্চম আৰু মেঘ, আৰু পাৰ্ব্বতীৰ মুখৰ পৰা নটৰাগ উৎপন্ন হৈছে। ভাৰতৰ আদি নৃত্য গুৰু বৰোসকলৰ উপাস্য দেৱতা স্বয়ং নটৰাজ শিৱ বা ব্ৰাগহঁই আৰু নৃত্য-গীত তৎপৰ গন্ধৰ্ব্বাদিৰ বাসস্থান উত্তৰ-পূৰ্ব্ব দিশৰ নাটশৈল (বৰ্ত্তমান ডফলা পৰ্ব্বতৰ নামনি খণ্ড) আছিল যে তাক পূৰ্ব্বেই উনুকিয়াই অহা হৈছে। প্ৰাচীন কামৰূপৰ বৰোসকলৰ পৰিকল্পিত এই ব্ৰাগহঁই-ব্ৰীগহঁনী বা শঙ্কৰ-শঙ্কৰীৰ পূজা আৰু তথ্য আৰু কামৰূপীয় সভ্যতা তদানীন্তন কামৰূপ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত, কৰদ বা মিত্ৰ ৰাজ্য ব্ৰহ্ম, আনাম, শ্যাম আদি দেশত, সুমাত্ৰা, যাভা, বালী দ্বীপসমূহত যে ভগবান বুদ্ধৰ আবিৰ্ভাবৰ বহু পূৰ্ব্বেই বহুল ভাবে প্ৰচাৰিত হৈছিল তাক প্ৰমাণ কৰিবলৈ ভালেমান প্ৰত্নতত্ত্বমূলক নিদৰ্শন আবিষ্কৃত হৈছে। সেই কামৰূপীয় ধৰ্ম্মসভ্যতা প্ৰচলনৰ লগে লগেই যে এই দুজনা বৰো দেব-দেবীৰ মুখ নিঃসৃত