আৰ্য্য হিন্দুসকলৰ প্ৰভাৱ ধৰ্ম্ম-সমাজ বিস্তাৰ কৰা এটা মহতী নীতি আছিল, যি নীতি পৃথিবীৰ অন্যান্য সভ্য দেশৰ ইতিবৃত্তত প্ৰায় বিৰল। বাহুবলেৰে জয় কৰিব নোৱাৰা সুসভ্য অনা-আৰ্য্য গন্নৰ্ব্ব-কিন্নৰ-অসুৰ-দানব আদি নামেৰে অভিহিত জাতিবিলাকৰ অধিপতিসকলক জুই-পানী-বতাহ-গ্ৰহ-নক্ষত্ৰ বা পৌৰাণিক সাধুকথাৰ কল্পিত দেৱতা-উপদেৱতা কোনো এটিৰ বংশধৰ বুলি বৰ্ণাই সেইসকল অনা-আৰ্য ৰাজন্যক আৰ্য্য-ক্ষত্ৰিয় কৰি নিজৰ সম্প্ৰদায় ভুক্ত কৰি লয়। অনা-আৰ্য্য সুধী মনীষিসকলক ঋষি-মুনি কৰি তেওঁলোকৰ ভালেমানক ব্ৰাহ্মণ পংক্তিত সুমায়। সেইদৰে অনা-আৰ্য্য সকলৰ উপাস্য দেৱ-দেবীসকলকো বেদ-পুৰাণত বৰ্ণিত দেৱ-দেৱী সকলৰ লগতে আৰ্য্য দেব-দেবী কৰি তেওঁলোকৰ পূজা-পদ্ধতি পৰ্য্যন্ত সংস্কৃতীয়াকৈ নিবন্ধন কৰে। এনেকি ভালেমান অনা-আৰ্য্য
ৰাজ-পৰিয়ালৰ বিষয়ে একোখন বিশেষ পুৰাণ পৰ্য্যন্ত ৰচিত হৈছে। সেই কুটনীতিৰ বলতেই ভীষ্মক-বাণ-নৰক আদি প্ৰৱল পৰাক্ৰান্ত তুৰাণীয়, অনা-আৰ্য্য বৰো ৰজাসকল হিন্দু সমাজত ক্ষত্ৰিয় হৈ গল। বৰো বা বৰাহী জাতিৰ প্ৰবল পৰাক্ৰান্ত নৰকাসুৰক বৰাহ ( গাহৰি ) ৰূপধাৰী ঈশ্বৰৰ ঔৰসত পৃথিবীৰ গৰ্ভত জন্ম লোৱা বুলি বৰ্ণোৱা একাধিক পুৰাণৰে সৃষ্টি হল। বৰো সম্ৰাট প্ৰাগ্জ্যোতিষাধিপতি নৰকাসুৰ আৰু তেওঁৰ বংশধৰসকলৰ আৰু প্ৰাচীন কামৰূপী বৰো প্ৰজাসকলৰ উপাস্য দেব-দেবী
পৃষ্ঠা:কামৰূপীয় সঙ্গীত.pdf/১২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)