শিক্ষা লাভ কৰিছিল। সেই সময়ৰ কামৰূপ সম্ৰাট মহাৰাজ ভাষ্কৰবৰ্ম্মা নিজে পৰম বিদ্বান আছিল আৰু তেখেতৰ প্ৰজাবৃন্দৰ মাজতো বিদ্যাচৰ্চ্চাৰ বহুল প্ৰচলন আছিল। প্ৰাচীন কামৰূপী সকলৰ লিপি অক্ষৰেই উত্তৰ পূৰ্ব্ব ভাৰতৰ ব্ৰাহ্মী, বৈদেহা, ত্ৰিহুটী আদি আৰ্য্যলিপিবিলাকৰ জন্মদাত্ৰী বুলি প্ৰমাণ কৰিবৰ যুক্তি, নিদৰ্শন আদি ভালেমান আছে।
বৰো সম্ৰাট নৰকাসুৰৰ বংশধৰ শোণিতপুৰাধিপতি বনমাল দেবৰ খৃষ্টীয় ৮ম কি ৯ম শতিকাৰ সময়ৰ এখন তামৰ ফলিত আজি কালিও অসমত – বিশেষকৈ নামনি অসমত – প্ৰচলিত থকা নাওখেলৰ সুললিত গীতৰ বিষয় উল্লেখ আছে। সেই জনা প্ৰবল প্ৰতাপী নৰপতিৰ দিনত মহানদ লৌহিত্য, “সঙ্গীত মুখৰিতা, নানালঙ্কাৰশোভিতপ্ৰকটাবয়বা, ... শব্দায়মান কিঙ্কিণীযুক্তা ... শকত ছাবেৰে বৰ্দ্ধিত বেগা ... চামৰযুক্তা ... নৰ্ত্তক পুৰুষৰ আক্ৰমণত বদ্ধিতোৎকম্পা ... নৌকাৱলীৰ দ্বাৰাই অলঙ্কৃত আছিল।”
ৰায় বাহাদুৰ কনকলাল বৰুৱা ডাঙৰীয়াইয়ে তেখেতৰ বহুমূলীয়া প্ৰাচীন কামৰূপৰ ইতিবৃত্তত ( Early History of Kamrupa) প্ৰাগ্জ্যোতিষপুৰ যে বেদ-পুৰাণৰ আৰু মধ্য যুগত জ্ঞান-বিজ্ঞান শিল্প-চাৰুকলা বিদ্য্যাশিক্ষাৰ এখন ডাঙ্গৰ কেন্দ্ৰ আছিল তাক হাতে কলমে দেখুৱাইছে। ইয়াত সেইবোৰ বহলাই লিখিবৰ প্ৰয়োজন নাই।