“তত্ৰাস্তি সৰসি ৰম্যা সুসম্পুৰ্ণা মনোহৰা।
“সৰ্ব্বদা স্বচ্ছসলিলা প্ৰফুল্লকমলোৎপলা॥
“তস্যাস্তিৰেতু বিপুলঃ সুমনোজ্ঞো হৰাশ্ৰমঃ।
“সৰ্ব্বদা দানবৈৰ্দ্দেবৈঃ কিন্নৰৈঃ প্ৰমথৈ স্তথা।
“ৰক্ষতে নৃপশাৰ্দ্দূল নৃত্যবাদন তৎপৰৈঃ।
“যস্মান্নটতে তত্ৰেশো নিত্যং কৌতুক তৎপৰঃ।
“তস্মান্নাটক নাম্নাসৌ শৈলৰাজঃ প্ৰগীয়তে॥”
( কাঃ পুঃ ৫১-অঃ )
“ঈশান (উত্তৰ পূৰ্ব্ব) কোণত নাটশৈলত শঙ্কৰৰ মহাশ্ৰম আছে, তাত মহেশ সদাই থাকে আৰু তেওঁৰ অধীনত পাৰ্ব্বতী থাকে। সেই সৰোবৰৰ পাৰতে হৰৰ বিশাল মনোৰমপুৰী গীত-নৃত্য বাদ্যত তৎপৰ দানব-দেবতা-কিন্নৰ-প্ৰমথ সকলে ৰখি আছে। সেই পুৰীতেই সদাই মহাদেবে আনন্দেৰে নৃত্য কৰি থকাৰ কাৰণে সেই পুৰীকেই নাটক শৈলৰাজ বোলা হয়।”
"His Majesty (Bhaskar Burman) was a great lover of learning and his subjects followed his example. Men of abilities came from far to study here”.
(Watter's Yuanchang, vol. 4 p. p. 185, 186).
বিখ্যাত চীন পৰিব্ৰাজক য়ুআন চাঙৰ ভাৰত ভ্ৰমণৰ সময়তো প্ৰাগ্জ্যোতিষপুৰত এখন বিশ্ববিদ্যালয় আছিল – য’ত ভাৰতৰ ভিতৰ-বাহিৰৰ নানা ঠাইৰ পৰা মনিষীসকল আহি