সমললৈ যাওক

পৃষ্ঠা:কামৰূপীয় সঙ্গীত.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬)


“তত্ৰাস্তি সৰসি ৰম্যা সুসম্পুৰ্ণা মনোহৰা।
“সৰ্ব্বদা স্বচ্ছসলিলা প্ৰফুল্লকমলোৎপলা॥
“তস্যাস্তিৰেতু বিপুলঃ সুমনোজ্ঞো হৰাশ্ৰমঃ।
“সৰ্ব্বদা দানবৈৰ্দ্দেবৈঃ কিন্নৰৈঃ প্ৰমথৈ স্তথা।
“ৰক্ষতে নৃপশাৰ্দ্দূল নৃত্যবাদন তৎপৰৈঃ।
“যস্মান্নটতে তত্ৰেশো নিত্যং কৌতুক তৎপৰঃ।
“তস্মান্নাটক নাম্নাসৌ শৈলৰাজঃ প্ৰগীয়তে॥”

( কাঃ পুঃ ৫১-অঃ )

 “ঈশান (উত্তৰ পূৰ্ব্ব) কোণত নাটশৈলত শঙ্কৰৰ মহাশ্ৰম আছে, তাত মহেশ সদাই থাকে আৰু তেওঁৰ অধীনত পাৰ্ব্বতী থাকে। সেই সৰোবৰৰ পাৰতে হৰৰ বিশাল মনোৰমপুৰী গীত-নৃত্য বাদ্যত তৎপৰ দানব-দেবতা-কিন্নৰ-প্ৰমথ সকলে ৰখি আছে। সেই পুৰীতেই সদাই মহাদেবে আনন্দেৰে নৃত্য কৰি থকাৰ কাৰণে সেই পুৰীকেই নাটক শৈলৰাজ বোলা হয়।”

 "His Majesty (Bhaskar Burman) was a great lover of learning and his subjects followed his example. Men of abilities came from far to study here”.

(Watter's Yuanchang, vol. 4 p. p. 185, 186).

 বিখ্যাত চীন পৰিব্ৰাজক য়ুআন চাঙৰ ভাৰত ভ্ৰমণৰ সময়তো প্ৰাগ্‌জ্যোতিষপুৰত এখন বিশ্ববিদ্যালয় আছিল – য’ত ভাৰতৰ ভিতৰ-বাহিৰৰ নানা ঠাইৰ পৰা মনিষীসকল আহি