পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
 

“বিয়ই মহাশয়,—

 আপোনাৰ জোৱাই কামিনীকান্তই যদি মানবলীলা সামৰণ কৰিলে হেঁতেন, তেনে হোৱা হলে সমাচাৰ দিবলৈ ইমান দুঃখিত নহলোহেঁতেন। কামিনীকান্ত মৰা নাই, কিন্তু আমাৰ পক্ষে, আৰু আপোনাৰ দুহিতা সৰলাৰ পক্ষে সি মৰিছে। গ্ৰীষ্টীয়ান হবৰ নিমিত্তে কালি পাছৰিবিলাকৰ ওচৰলৈ গৈছে।

 কামিনীকান্তৰ মনত যে এয়ে আছিল, তাক আমি সমাজিকতে। নেজানিলোঁ। শুনা মাত্ৰকে ময় তালৈ গলো, অনেক বুঝালে, অনেক কলে। তিৰস্কাৰো কৰিলোঁ, তথাপি তাৰ মন হুলটিল, কি কৰিম? কঁপালত দুঃখ আছিল, সেয়ে ঘটিল, সেই বিষয়ে আৰু দুঃখ কৰিলে কি হব। যদি পাৰে আপুনিও একবাৰ যাবা, ওলটাই আনিবলৈ চেষ্টা কৰিবা। অধিক লেখিব নোৱাৰিলোঁ, ঘৰৰ সকলো ৰাতিএ দিনে কান্দিব লাগিছে আৰু ক্লেশ সহা নেযায়।

সদায় মঙ্গল বাঞ্চক,
শ্ৰীৰামচন্দ্ৰ চট্টোপাধ্যায়।”

 অম্বিকাচৰণে ওচৰত থকা কোনো বন্ধুৰ ঘৰত বহি কথোপকথন কৰি আছিল, ঘৰত কান্দনিৰ শবদ শুনিবলৈ পায় লৰি আহিল। বিছাৰ কৰি জানিব পাৰিলে যে, তেওঁৰ ভগিনী পতিত্ৰ খ্ৰীষ্টৰ ধৰ্ম্ম গ্ৰহণ কৰিবলৈ গৈছে।

 হিন্দু ধৰ্ম্মত অম্বিকাচৰণৰ এটা তিলৰ সমানো বিশ্বাস বা ভক্তি নাছিল। সি এই বাত্ৰা শুনি দুঃখিত নহল, কিন্তু সকলো পৰিয়ালক বুঝাব ধৰিলে। কামিনীকান্তয় অজ্ঞানীৰূপে কোনো কাৰ্য্য কৰা নাই, সি যিহকে ভাল ৰূপে বুঝিছে, তাৰ বিশ্বাসৰ ভাৱেহে সেই কৰ্ম্ম কৰিছে, আৰু সেই বিষয়ে তাক বাধা জন্মাওঁত হোৱা যে উচিত নহয়, তাকে বুঝাব ধৰিলে। এনেকুৱা দুঃখৰ সময়ত এই প্ৰকাৰ সান্তনাৰে কোনো উপকাৰেই নঘটিল৷ পিতাকে এনেকুৱা কথা শুনি তাৰ ওপৰত ক্ৰোধ