পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
 

পৰিয়াল হৈ চিৰ সুখে অনন্তকাল বাস কৰিব পাৰিম, এনে অনুগ্ৰহ কৰোক। ত্ৰাণ কৰ্ত্ৰা প্ৰভু যীশুৰ নামেৰে এই নিবেদন কৰিলো; আপুনি অনুগ্ৰহ কৰি গ্ৰাহ্য কৰোক, আমেন।”

 

তৃতীয় অধ্যায়।

 ইফালে পাছ দিনা সন্ধ্যাৰ সময়, ৰামজয় বাবু কাছাৰিব পৰা ঘৰলৈ আহিল। মুখ হাত ধুই চৰা ঘৰত বহি আছে, এনে সময়তে দাসে তেওঁৰ হাতত এখন চিঠি আনি দিলে। তেওঁ পঢ়িবলৈ আৰম্ভ কৰোঁ নকৰোঁতেই হাতৰ পৰা চিঠি সৰি পৰি গল, একে ঠৰে চাই ৰল। তেওঁৰ সৰু জীএকটী ওচৰতে বহি আছিল, তাই পিতাএকৰ এই প্ৰকাৰ ঘটনা দেখি কোমল মাতেৰে সুধিলে, “বাবা, তুমি চিঠি পঢ়ি এনেকৈ কিয় ৰলা?” ৰামজয় বাবুয়ে নিৰ্মাত আন কথা অন্য মনেৰে ভাবিছিল, কমলায় কি বুলিলে, তাক শুনিবও নেপালে। কমলায় আকও সুধিলে “কি হৈছে, বাবা?” তেতিয়া ৰামজয় বাবুএ কলে, “আৰু কি হব আইটী, সৰ্ব্বনাশ হৈছে।” এই কথা কোৱা মাত্ৰয় আৰু দুঃখ ঢাকি ৰাখিব নোৱাৰিলে, ক্ৰন্দন সামৰণ কৰিব নোৱাৰি, লৰাৰ দৰে কান্দি পেলালে। পিতাকৰ ক্ৰন্দন দেখি কমলায় লৰি গৈ ঘৰৰ ভিতৰত সেই সমাচাৰ দিলে। সকলোএ মুখ চোৱাচোৱি কৰিব ধৰিলে, কিন্তু কি হৈছে; একোকেই জানিব নোৱাৰিলে। এনে সময়তে ৰামজয় বাবুএ সেই চিঠি খনি ভিতৰলৈ পঠাই দিলে, চাকৰে গৈ সৰলাৰ হাতত সেই চিঠিখন দিলে। সৰলায় পাঠ কৰিলে, পাঠ কৰি শেষ নৌ হওঁতেই মাটীতে বহি পৰিল, চক্ষুৰ পানীৰে বুকৰ কাপৰ ভিজিব ধৰিলে। পাঠক, চিঠিত কি লেখা আছিল, তাক বুঝিব পাৰিছানে? যদি শুনিব খোজা, তেন্তে শুনা; কমলায় তাইৰ মাকৰ আগত চিঠিখন পঢ়িব ধৰিছে; এই সময়তে তুমিও শুনি লোৱা!