পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
 

আমাক সকলোকে এক ঘৰ কৰি কিমান ক্লেশ দিব। তোমাক পৰিত্যাগ কৰিব পাৰোঁ, কিন্তু সমাজৰ বাহিৰ হব নোৱাৰোঁ।

পু।  দেখা পিতৃ, আপুনি এতিয়া মোক দোষ দিছিলে, আপুনি কি কৰিছে, মানুহৰ ভয়ত সমূহৰ কাৰণে আপুনি আপোনাৰ পুত্ৰকে দান দিছে। ময় ঈশ্বৰৰ ভয়ত আপোনাৰ কথা পালন কৰিব নোৱাৰিছোঁ, কিন্তু আপুনি হলে মানুহৰ কাৰণে মোক পবিত্যাগ কৰিছে।

পি।  থাক, তুমি আৰু মোক শিক্ষা দিব নেলাগে, ময় সকলো বুঝোঁ।

পুত্ৰ।  মোৰ অপৰাধ হৈছে, তেন্তে খেমা কৰোক, মই আপোনাক কি শিক্ষা দিম? প্ৰেম কৰিহে কৈছো, আপোনাৰ পৰিত্ৰাণৰ বিষয়ে অতি চেষ্টা কৰিবা। আপোনাৰ আগত মোৰ এই এটী নিবেদন মাথোন, আৰু ঈশ্বৰৰ আগত এই এটী প্ৰাৰ্থনা মাথোন।

 এই কথোপকথনৰ পাছে কামিনীকান্তৰ পিতাকে দুঃখিত আৰু ক্ৰোধ মনেৰে পুত্ৰক পৰিত্যাগ কৰি আহিবৰ সময়ত একো কথা নকৈ শাও দি ২ গুছি আহিল। কামিনীকান্তয় আঁঠু কাঢ়ি হাত যোৰ কৰি ওপৰলৈ চক্ষু তুলি পিতৃ ঈশ্বৰত এই বুলি প্ৰাৰ্থনা কৰিলে; “হে পিতৃ আপুনি অসীমা অনুগ্ৰহ প্ৰকাশ কৰি মোক যেনেকৈ আপোনাৰ পথলৈ আনিলা, সেই প্ৰকাৰে অনুগ্ৰহ কৰোক যেন মোৰ পিতৃয়েও আপোনাক জানিব পাৰে, আৰু আপোনাৰ পাপৰ ভাৰ জানিব পাৰে, আৰু খেদ চিত্তেৰে আপোনাৰ আগত সাক্ষাত হৈ, পাপৰ ভাৰ স্বীকাৰ কৰি মন পালটায় আপোনাক পিতৃ বুলি গ্ৰহণ কৰে; আৰু আপোনাৰ পৰিয়ালৰ মাঝত পুত্ৰ ৰূপে পুনৰায় গ্ৰাহ্য হয়। আপোনাৰ অদ্বিতীয় পুত্ৰ আমাৰ সকলোৰে ত্ৰাণ কৰ্ত্তা প্ৰভু যীশু খ্ৰীষ্টক তেওঁ যেন আপোনাৰ ৰক্ষা কৰ্ত্তা বুলি জানিব পাৰে। তেওঁৱেই সত্য, তেওঁৱেই পথ, তেওঁৱেই জীৱন, ইয়াকে জানিব পাৰে, আৰু যেন সেই বিশ্বাসেৰে আপোনাৰে সৈতে পুনৰায় মিল হয়। হে দয়াময়, আমি পৃথিবীত যেনেকৈ এক পৰিয়াল হওঁ, সেই ৰূপে মৰণৰ পাছেও আপোনাৰ ওচৰত স্বৰ্গত যেন এক