পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
৪৯
 

ইমান দিন সিবিলাকে ভনীৰ সদৃশ অকপট সুহৃদ বন্ধনেৰে বন্ধা আছিল। এতিয়াও সিবিলাক দুয়ো একেলগে বহি পাঠ কৰিছে, একে ধৰ্ম্মত আশ্ৰয় লোৱা হৈ দুয়ো আনন্দ কৰিছে। কিন্তু নৰেন্দ্ৰ কত্‌? নৰিয়া হৈ বটাহ সলাবৰ নিমিত্তে পশ্চিম অঞ্চলে গৈছে। কামিনী কান্ত কত? কচাৰিলৈ গৈছে।

 পাঠক! নৰেন্দ্ৰ, হেমাঙ্গী, সৰলা, সকলোএ কামিনীকান্তৰ আৰ্হি আশ্ৰয় কৰি, প্ৰভু য়ীশু খ্ৰীষ্টক এক মাত্ৰ পৰিত্ৰাণ কৰ্ত্তা বুলি জানিএই তেওঁতে বিশ্বাস কৰিছে। মিছা দেও দেবী পৰিত্যাগ কৰি সেই সত্য পিতৃ পৰম ঈশ্বৰৰ সেৱক সেৱকনী হৈছে, বিনাশৰ পথৰ পৰা পলায়ন কৰি, স্বৰ্গত থকা পিতৃৰ সৰ্ব্বশক্তিমান দেউকাৰ তলত আশ্ৰয় পোৱা হৈ, নিৰাপদে মনৰ আনন্দেৰে নিবাশ কৰিছে। পৃথিবী আৰু পৃথিবীত থকা কোনো বস্তুএই যি সুখ শান্তি দিব নোৱাৰে, য়ীশু খ্ৰীষ্টত বিশ্বাস কৰি সেই সুখ, সেই শান্তি সিবিলাকে প্ৰচুৰ ৰূপে ভোগ কৰিছে। মৃত্যুৰ ভয়ঙ্কৰ গ্ৰাশৰ পৰা উদ্ধাৰ পোৱা হৈ, সিবিলাকে পিতৃ পৰম ঈশ্বৰৰ শ্ৰীমুখৰ দীপ্তি প্ৰতিদিনে দৰ্শন কৰিছে। ধৰ্ম্মৰ আনন্দত সুখ শান্তিত সিবিলাক সকলোএ এক ঘৰৰ পৰিয়ালৰ সদৃশ হৈ সময় নিপাত কৰিছে। পাঠক, তুমি কামিনীকান্ত, নৰেন্দ্ৰৰ আৰ্হি আশ্ৰয় কৰা। কিমান কাল এই ভয়ঙ্কৰ আৰু ঘোৰ বিপদৰ অৱস্থাত থাকিবা? সময় নাই, পলম নকৰিবা। সময় থাকোঁতেই ধৰ্ম্মৰ বিষয়ে বিচাৰ কৰা। যি পিতৃৰ বিৰোদ্ধে পাপ কৰিছা, তেওঁৰে সৈতে পুনৰাই মিল হোৱা, খেমা প্ৰাৰ্থনা কৰা, খেদ চিত্তেৰে পাপ স্বীকাৰ কৰি মন পালটাই খেমা পোৱা হৈ তোমাৰ পৰিত্ৰাণৰ বিষয়ে নিচিন্তন হোৱা।

 পাঠক! সৰলাৰ আৰু হেমাঙ্গীৰ আৰ্হি আশ্ৰয় কৰা, সেই এক মাত্ৰ (ৰক্ষা কৰ্ত্তা,) ত্ৰাণকৰ্ত্ৰা প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰা। যি জনে পাপৰ প্ৰায়শ্চিত্ত সিদ্ধি কৰিবৰ নিমিত্তে, আৰু তোমাৰ পৰিত্ৰাণৰ কাৰণে স্বৰ্গসুখ পৰিত্যাগ কৰি এই পৃথিবীত জন্মগ্ৰহণ