পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
কামিনীকান্তৰ চৰিত্ৰ
 

কিন্তু অমৰ আত্মাৰ ৰক্ষা কৰাই যথাৰ্থিক পৰিত্ৰাণ। ঈশ্বৰৰ সাহায্যত আপুনিএ মোৰ আত্মাক উদ্ধাৰোতা, সেই নিমিত্তে আপোনাক অসংখ্যা ধন্যবাদ দিছোঁ অধিক আৰু কি লিখিম, এই অধিনীলৈ অনেক ২ অনুগ্ৰহ দেখাইছে। পাহৰা কোনো ৰূপে নহবা, এইয়েই অধিনীৰ শেষ আশা! ইতি

আপোনাৰ
সৰলা।

 ( শেষ। )

 পাঠক, পূৰ্ব্বে কোৱা ঘটনাৰ চাৰি বছৰৰ পাছে কামিনীকান্তৰ অৱস্থা এবাৰ দেখা; কামিনীকান্তই এতিয়া কচাৰিত কাম কৰে, বহুবজাৰত এটী ডাঙ্গৰ দুই টলা ঘৰত থাকে। ঘৰটী দেখিবা, বলা; কিন্তু আঁতৰতে থিয় হৈ দেখিব লাগিব। তুমি অপৰিচয় পুৰুষ, তোমাক দেখিলে সৰলায় নিশ্চয় লুকাব। তেন্তে মোৰ লগত আই; তুমি দ্বাৰৰ ওচৰ হৈ দেখিবা। সেইয়া দেখা, সৰলা পাটীত বহি আছে কোলাত এটী শিশু, ওচৰত এটী চোৱালী বহি খেল কৰিছে। ছোৱালীৰ নাম অমৰাৱতী, বয়স তিনি বছৰ, ওঁঠত যেন হাঁহি লাগি আছে। সেইয়া শুনা, মধুৰ বাক্যে মাকক কি সুধিছে। এনে মধুৰ বচন কি কোনো সময়ত শুনিছা? পাঠক, যদি সৰলাৰ মৃদু, নম্ৰ, আৰু পবিত্ৰৰ সাক্ষাৎ প্ৰতিমূৰ্ত্তি দেখিব খোজাঁ, তেন্তে এবাৰ অমৰাৱটীৰ মুখৰ ফালে চাই দেখা। দেখিলেই বোধ হব, যেন কপট বা কোনো প্ৰকাৰ মন্দই তাইৰ ওচৰ ছাপিব নোৱাৰে। যেনেকুৱা সৰলা, অমৰাৱতীও তাৰ সম্পূৰ্ণ প্ৰতি ৰূপ। পাঠক, আকও দেখাছোন, হাতত পুথিএ সৈতে আৰু এটী কামিনী কোন? তুমি চিনিব পাৰিছানে? সংশয় নাই। এইয়ে জানো হেমাঙ্গী নহয়? কামিনীকান্তয় যি ধৰম পুথি সৰলালৈ পঠাই দিছিল, সেই পুথিখনেই হেমাঙ্গীৰ হাতত আছে, পাঠ কৰিছে। সৰলায় শুনিব লাগিছে, ইয়াতকৈ আনন্দ দিওঁতা আৰু কিবা দেখিছা নে?