পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
কামিনীকান্তৰ চৰিত্ৰ
 

কৰিছিলোঁ। এদিনা ধৰম পুথি লৈ পাঠ কৰিছোঁ, ভাবিলোঁ, ইয়াৰ প্ৰথমত কি লিখা আছে পঢ়িম। তাতেই আৰম্ভনত প্ৰথম আৰু দ্বিতীয় আধ্যা পঢ়ি পেলালোঁ। উত্তম ইতিহাসৰ সদৃশ বোধ হবলৈ ধৰিলে, ক্ৰমে পঢ়িবলৈ ধৰিলোঁ। এনে ৰূপে অনেক দূৰলৈ পঢ়ি পেলালোঁ, কিন্তু নাম- বিলাক মনত ৰাখিব নোৱাৰিলোঁ। ঈশ্বৰে ছয় দিনত কি প্ৰকাৰ কৰি পৃথিবীক স্ৰঞ্জন কৰিলে, আদম আৰু হৱাক কি ৰূপে স্ৰজিলে, সিবিলাকে কি ৰূপ বাড়িত আছিল, সেই ঠাইতে ঈশ্বৰৰ আজ্ঞা লংঘণ কৰিলে, তেওঁ সিবিলাকক সাও দিলে। ঈশ্বৰে সিবিলাকক পবিত্ৰ কৰি স্ৰজিলে, কিন্তু সিবিলাকে তেওঁৰ বিৰোদ্ধে পাপ কৰি তেওঁৰ ক্ৰোধৰ পাত্ৰ হল, সিবিলাকে মৃত্যু ভোগ কৰিব লগা হল। এই সকলো বিষয়ে অতিশয় হাবিয়াহ কৰি ময় আৰু হেমাঙ্গী দুয়ো পাঠ কৰিলোঁ। কলে বিশ্বাস নকৰিবা, কিন্তু যেতিয়া আৰম্ভ কৰিলোঁ, তেতিয়া তিনি অধ্যায় শেষ নকৰি উঠিব নোৱাৰিলোঁ। যিমান কৈ পঢ়িবলৈ ধৰিলোঁ, সিমানকৈ পঢ়িবৰ ইচ্ছা বাঢ়িবলৈ ধৰিলে।

 এটা বিষয় অতিশয় আশ্চবিত দেখিলোঁ। ঈশ্বৰ আমাৰ সকলৰ দয়াময় পিতৃ, তেওঁৰ বিশেষ পৰিচয় এই ঠাইত পোৱা যায়। আদম আৰু হৱাই তেওঁৰ বিৰোন্ধে পাপ কৰিলে, তেওঁৰ আদেশ লংঘণ কৰিলে, তথাপি তেওঁ সিবিলাকক নষ্ট নকৰিলে। ইচ্ছা কৰিলেই তেওঁ একেবাৰে সিবিলাক বিনাশ কৰিব পাৰিলেহেঁতেন, কিন্তু তাক নকৰি তেওঁ সিবিলাকৰ প্ৰতি দয়া প্ৰকাশ কৰিলে। সিবিলাকে যিহতে ৰক্ষা পায়, সেই ৰূপ এক উপায় স্থিৰ কৰি দিলে৷ ইয়াতকৈয়ো অনুগ্ৰহৰ দৃষ্টান্ত আৰু কত দেখিবলৈ পোৱা যায়।

 কিন্তু দেখোক, এটী বিষয় বুঝিব পৰা নাই; তাক আপোনালৈ লিখিছোঁ। ঈশ্বৰ সৰ্ব্বজ্ঞানী, তেওঁ অৱশ্যেই জানিছিল যে আদম হৱাই তেওঁৰ আজ্ঞা পালন নকৰিব তেন্তে তাক জানি তেওঁ কিয় সিবিলাকক স্ৰজিলে? ঈশ্বৰে যদি জানিছিল যে, সিবিলাক সৃষ্টি কৰিলে এই প্ৰকাৰ দুৰৱস্থাত পতিত হব, তেন্তে তেওঁ দয়ালু ঈশ্বৰ হৈ কিয় সিবিলাকক স্ৰজি