পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
৪১
 

দ্বাৰায় যি সৰ্ব্বশক্তিমান পবিত্ৰ ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি নিৰ্ম্মিত হব নোৱাৰে, সেইয়ে বিশ্বাস হৈছে। যদ্যপি কোনো প্ৰতিমূৰ্ত্তিৰ দ্বাৰায় তেওঁৰ সেৱা কৰা যায়, তেনেহলে যে তাৰ দ্বাৰায় আমি তেওঁক বিগতি আৰু অপমানো কৰোঁ, তাক অৱশ্যেই স্বীকাৰ কৰিব লাগে। ঈশ্বৰ পৰিত্ৰ, তেওঁক পবিত্ৰ ভাৱে প্ৰেম আৰু ভক্তিয়েৰে সেৱা কৰা সকলো প্ৰকাৰে উচিত।

 পঞ্চম পত্ৰত আপুনি ব্ৰহ্ম ধৰ্ম্মৰ বিষয়ে লিখিছা। কিন্তু দুঃখৰ বিষয়, ময় ব্ৰহ্মধৰ্ম্মৰ অৰ্থে একো নেজানোঁ। আমাৰ গাৱঁত এটী ব্ৰহ্ম সভা হৈছে, শুনিছোঁ। কোনো কোনোএ আপোনা সকলক ব্ৰহ্ম বুলি পৰিচয় দিয়ে কিন্তু ব্ৰহ্ম ধৰ্ম্ম নো কি, তাক স্বৰূপতে একো নেজানোঁ। ধৰ্ম্মৰ ইয়াকে মাথোন বুঝিব পাৰোঁ যে ইয়াক আশ্ৰয় কৰিবৰ হলে ক্লেশ স্বীকাৰ কৰিব নেলাগে। দেখোক, আপুনি খ্ৰীষ্ট ধৰ্ম্ম আশ্ৰয় কৰিছা; সেই কাৰণে আপোনাৰ পিতৃ, মাতৃ, ভাই, বন্ধু সকলোকেই পৰিত্যাগ কৰা হৈছে৷ এইৰূপ কি, সিবিলাকে সৈতে সাক্ষাৎ হবলৈকে৷ বিষম হৈ পৰিল। কিন্তু দেখোক, যিবিলাকে ব্ৰহ্ম ধৰ্ম্ম আশ্ৰয় কৰে, সিবিলাকে ঘৰতেই থাকে; কোনেও সিবিলাকক ঘ্ৰিণা বা নিন্দা নকৰে। সিবিলাকে আপোন ইচ্ছা মতে খোৱা পিয়া কৰে। হিন্দুবিলাকৰ লগত হিন্দুৰ সমাজত আৰু হিন্দুৰ পূজাত, খোৱা আদিত হিন্দুৰ লগত আৰু আকও ব্ৰহ্মবিলাকৰ লগত ব্ৰহ্ম সমাজত ব্ৰহ্ম বুলি গন্য হয়। ডিঙ্গিত পৈঁতাও লগোৱা থাকে, সময় মতে ব্ৰহ্ম বা ব্ৰাহ্মণ বুলি পৰিচয় দিয়ে। সেই কাৰণে কলোঁ, ব্ৰহ্ম হোৱা কঠিন নহয়। হিন্দু ধৰ্ম্মত অবিশ্বাস, অথচ ইংৰাজিবিলাকৰ সদৃশ স্বাধীন হবলৈ খোজে। ঘৰত থাকিব, অথচ যি ইচ্ছা তাকেই ভোজন পান কৰিবলৈ পাব; এই নিমিত্তে অনুমান হয়, অনেকেই ব্ৰহ্ম। যদি হিন্দু ধৰ্ম্মত অবিশ্বাস জন্মে, তেন্তে পৈঁতা পিন্ধিৱৰ আৱশ্যক কি? হিন্দু সমাজত হিন্দুৰ উপাসনায় হৰ্ষ আনন্দ কৰিবৰ প্ৰয়োজন কি?

 সপ্তম পত্ৰত যি বিষয় লিখিছা, তাক আপুনি লিখিবৰ পূৰ্ব্বে ময় পাঠ৬