পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
কামিনীকান্তৰ চৰিত্ৰ
 

ক্ৰোধৰ পাত্ৰ যিহতে নোহোৱা তাকেই কৰা। দেখা, আমি সাধাৰণ ৰূপে দেখিবলৈ পাওঁ, পিতৃৰ দয়ালু পুত্ৰ বা কন্যায় পিতৃ মাতৃক সন্তোষ ৰাখিবলৈ কিমান যতন কৰে, সিবিলাকে যি আজ্ঞা কৰে, তাকেই পালন কৰিবলৈ কিমান চেষ্টা কৰে, সিবিলাকৰ মনত কোনো কাৰণেই দুঃখ দিবলৈ নোখোজে। প্ৰফুল্ল চিত্তে, আনন্দেৰে, সিবিলাকৰ আজ্ঞা সকলো পালন কৰে। তেন্তে যদ্যপি আমাৰ সকলৰ পৃথিবীৰ পিতৃ মাতৃবিলাকক সন্তোষ কৰিবলৈ আমাৰ সকলৰ ইমান যতন, ইমান চেষ্টা, সিবিলাকৰ আজ্ঞা পালিবলৈ অত্যন্ত বাঞ্চা, সিবিলাকক প্ৰেম কৰা আমাৰ সকলৰ জীৱনৰ এক মাত্ৰ প্ৰয়োজন। তেনে হলে আমাৰ সকলৰ পৰম পিতৃ পৰম ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ আমি কিয়নো চেষ্টা নকৰিম? তেওঁক সন্তোষ ৰাখিবলৈ কিয় নো যতন নকৰিম?

সদীয় মঙ্গল চিন্তক
শ্ৰীকামিনীকান্ত।

(সৰলাৰ উত্তৰ।)

প্ৰাণৰ অধিক,

 আজি পুৱাই আপোনাৰ পত্ৰ পালোঁ, পাই এই উত্তৰ লিখিছোঁ। দুই সপ্তাহ আপোনালৈ পত্ৰ আদি লিখা নাই বুলি আপুনি যে অতিশয় ভাবনীত আছা, পাঠ কৰি বড় দুঃখী হলোঁ। আপোনাৰ চিন্তা কৰিবৰ নিমিত্তে পত্ৰ পোৱা মাত্ৰকে উত্তৰ পঠাইছোঁ। আপোনালৈ যে পত্ৰ লিখিবলৈ পৰা নাই, তাৰ কোনো বিশেষ কাৰণ নাছিল, নৰিয়া আদি একো হোৱা নাই। কি নো লিখিম, একোকেই স্থিৰ কৰিব পৰা নাই, সেই কাৰণেই পত্ৰ আদি লিখা নাই। দোষ খেমা কৰিবা, অধিক আৰু কি কম।

 আপোনাৰ তিনিও খনি পত্ৰ আদিৰ পৰা অন্তলৈকে পাঠ কৰিছোঁ; দেৱতা পূজাৰ সম্বন্ধে যি কৈছা, তাক বুঝিলোঁ। কোনো সৃষ্টি বস্তুৰ