পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
৩৯
 

কৰিলে অনন্ত মৃত্যু ভোগ কৰিবা। পাছে সিবিলাকে সেই আজ্ঞা উলংঘণ কৰিলে; এই নিমিত্তে অনন্ত মৃত্যুৰ যোগ্য পাত্ৰও হল। কিন্তু দেখা, তেওঁ যে কেৱল ন্যায়ৱন্ত ঈশ্বৰ, তেনে নহয়, তেওঁ সিবিলাকৰ কৰুণাময় পিতৃও। তেওঁৰ নতুন সৃষ্টিৰ নৰ নাৰীএ তেওঁৰ বিৰোদ্ধে পাপ কৰি অনন্ত মৃত্যুৰ অধীন হল দেখি, তেওঁৰ হৃদয়ত দুঃখৰ আৰম্ভ হল। সিবিলাকে পবিত্ৰ গুণ হেৰুৱাই, চিৰকালে দুঃখেৰে কাল নিয়াব লাগিব, ইয়াকে কি তেওঁ দয়াৰে পূৰ্ণ থকা অন্তঃকৰণত কোনো প্ৰকাৰে সহিব পাৰে নে? কিন্তু তেওঁৱে আৰু তেওঁৰ ন্যায় প্ৰীতি গুণেৰে সত্যক ৰক্ষা কৰিব লাগে। আপোন বাক্যানুসাৰে সিবিলাকক দণ্ড দিব লাগিব; অথচ তেওঁৰ দয়া গুণেৰে, সিবিলাকক ৰক্ষাও কৰিব লাগিব। পাপীষ্ঠ মানুহ জাতিৰ মুক্তিৰ নিমিত্তে সেই পৰম আত্মা পৰম ঈশ্বৰে যি অনিৰ্বচনীয় আশ্চৰিত দয়া প্ৰকাশ কৰিলে, আৰু যি উপায় স্থিৰ কৰি দিলে, তাক পাছৰ পত্ৰত বাহুল্য কৰি লিখিম। দেখা, যি ঈশ্বৰৰ বিৰোদ্ধে আদম হৱায় পাপ কৰি সমস্ত নৰ কুলক পাপৰ কলঙ্কত মগ্ন কৰিলে, সেই ঈশ্বৰে সিবিলাকৰ ওপৰত সৰ্ব্বদায় ক্ৰোধ নহৈ, সিবিলাকৰ একেবাৰে নষ্ট নকৰি, উদ্ধাৰ কৰিবৰ নিমিত্তে আপুনিএই এক উপায় কৰি দিলে। সেই ঈশ্বৰক জানো আমি সকলোএ প্ৰেম কৰা উচিত নহয় নে? আমি ক্ৰোধৰ পাত্ৰ, দণ্ডৰ যোগ্য হলেও যি ঈশ্বৰে আমি সকলোকে সমুচিত দণ্ড নিৰ্দি, অনন্ত বিনাশৰ পৰা ৰক্ষা কৰিলে, সেই ঈশ্বৰক উপাসনা কৰা তেওঁৰ আজ্ঞা অনুসাৰে কৰ্ম্ম কৰা, তেওঁ যিহতে সন্তোষ থাকে, তাকেই সদা সৰ্ব্বদায় কৰা জানো আমাৰ সকলৰ অতিশয় উচিত নহয় নে? আমি অযোগ্য হলেও যি জনাই আমাৰ সকলোকে প্ৰথমে প্ৰেম কৰিলে, তেওঁক প্ৰেম কৰা কি আমাৰ সকলৰ উচিত নহয় নে? সৰলা, সেই নিমিত্তে কৈছো, সেই ঈশ্বৰত প্ৰেম কৰিবলৈ চেষ্টা কৰা। তেওঁ যিহতে সন্তোষ থাকে, তাকেই কৰিবলৈ পৰিশ্ৰমী হোৱা। তেওঁৰ