পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
কামিনীকান্তৰ চৰিত্ৰ
 

যে পাপৰ প্ৰায়শ্চিত হব নোৱাৰে পাপী মানুহে পৰিত্ৰাণ পাবও নোৱাৰে, তাক তুমি যিমানলৈ বুঝিব পাৰিবা, তাক দেখুৱাই দিছো। অৱশেষত আৰু এটী ধৰ্ম্মৰ বিষয়ে তোমাত কম আৰু সেই ধৰ্ম্মই যে কেৱল সত্য, তাকে তোমাক উত্তম ৰূপে প্ৰমাণ কৰি দিম। তুমি খ্ৰীষ্টৰ ধৰ্ম্মৰ বিষয়ে শুনিছা; সেই ধৰ্ম্মৰ বিষয়ে এতিয়া তোমাত কিছুমান কওঁ। যি ঈশ্বৰৰ বিষয়ে পূৰ্ব্বৰ পত্ৰত তোমালৈ লিখিছিলোঁ, সেই ঈশ্বৰে এই পৃথিবী সৃষ্টি কৰি পাছে প্ৰথম নব আৰু নাৰীক স্ৰজন কৰিলে। সেই নব মনুষ্য জাতিৰ আদি পিতৃৰ নাম আদম; আৰু সেই নাৰী মনুষ্য জাতিৰ আদি মাতৃ, তেওঁৰ নাম হৱা। সিবিলাকক ঈশ্বৰে আপোনাৰ প্ৰতিমূৰ্ত্তিৰে, অৰ্থাৎ পবিত্ৰ কৰি সৃষ্টি কৰিলে। সিবিলাকক পৰীক্ষা চাবৰ নিমিত্তে, আৰু সিবিলাকে তেওঁৰ শ্ৰুতি বাধ্য থাকে নে নেথাকে, ইয়াক দেখিবৰ কাৰণে ঈশ্বৰে সিবিলাকক এখন বাড়িত ৰাখি কোনো বিশেষ বৃক্ষৰ ফল ভোজন কৰিবলৈ নিষেধ কৰিলে। সেই গুটীত যে কিছু বেয়া আছিল, তেনে নহয়; এই তুচ্ছ বিষয়ে সিবিলাকে ঈশ্বৰৰ আজ্ঞা পালন কৰে নে নকৰে, ইয়াক ছবিৰ নিমিত্তে তেওঁ সিবিলাকক এই আজ্ঞা দিছিল। ঈশ্বৰে কৈছিল, যদি তোমোলাকে মোৰ অবাধ্য হৈ মোৰ আজ্ঞা উলংঘণ কৰি এই নিষেধ কৰা বৃক্ষৰ ফল ভোজন কৰা, তেনে হলে তোমোলাক অৱশ্যেই মৰিবা। যেতিয়া সিবিলাকৰ সৃষ্টি হৈছিল, তেতিয়া অমৰণ হৈ স্ৰজা হৈছিল। সিবিলাকে যদি বাধ্য হৈ থাকিলেহেঁতেন, তেতিয়া হলে সেই প্ৰকাৰ পবিত্ৰ হৈ থাকিলেহেঁতেন; তেতিয়া হলে মৃত্যুত্ৰ সিবিলাকৰ ওচৰলৈ আহিব নোৱাৰিলেহেঁতেন। কিন্তু দুঃখৰ বিষয় এই যে, আমাৰ সকলৰ আদি পিতৃ মাতৃএ ঈশ্বৰৰ এই খুদ্ৰ আজ্ঞা পালন নকৰিলে, সিবিলাকে সেই নিষেধ কৰা ফল ভোজন কৰি ঈশ্বৰৰ বিৰোদ্ধে পাপ কৰিলে, সেই কাৰণে তেওঁৰ ক্ৰোধৰ আৰু দণ্ডৰ পাত্ৰ হল। সেই ন্যায়ৱন্ত সত্যবাদী ঈশ্বৰে কৈছিলে যে, তোমোলাকে মোৰ আজ্ঞা লংঘণ