পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
৩৭
 

বিলাকে যে অনন্ত দুঃখ ভোগ কৰিব, তাক তেওঁ দেখিব নোৱাৰে; মানুহবিলাকে আপোন। সকলৰ পাপৰ প্ৰায়শ্চিত্ত আপোনাহঁতেই কৰে। অনুতাপ আৰু তাৰ পাছে কিছুমান দণ্ড ভোগ কৰিলেই পাপৰ প্ৰায়শ্চিত্ত হল। কিন্তু সৰলা, দেখা, ঈশ্বৰ স্বৰূপতে আমাৰ সকলৰ দয়াময় পিতৃ, কিন্তু তেওঁ আকও আমাৰ সকলৰ ন্যায় বিচাৰ কৰ্ত্তা। আমি তেওঁৰ বিৰোদ্ধে পাপ কৰিছো, তেওঁৰ আজ্ঞা লংঘণ কৰিছোঁ। সেই নিমিত্তে আমি তেওঁৰ দণ্ডৰ পাত্ৰ হৈছোঁ; তেওঁ ন্যায় বিচাৰ কৰ্ত্তা বুলিও তেওঁৱে আমি সকলোকে সমুচিতদণ্ড দিব লাগে। যেতিয়ালৈকে সেই পাপৰ সমুচিত দণ্ড নহয়, তেতিয়া- লৈকে তেওঁ আমি সকলোকে কেতিয়াও নেৰিব। কিন্তু ব্ৰহ্মবিলাকৰ মতে পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো প্ৰকাৰে আশা কৰিব পৰা নেযায়; এই বিষয়ে আৰু এক পত্ৰত বিশেষকৈ লিখিম। যি লিখিছো, এই সম্বন্ধে যদি কিছু সংশয় থাকে, তেনেহলে উত্তৰত লিখিবা, যিমানলৈ পাৰো বুঝাই দিম।

সদায় মঙ্গল চিন্তক
শ্ৰীকামিনীকান্ত।

চতুৰ্দশ অধ্যায়।
সপ্তম পত্ৰ।

প্ৰিয়ত্তমা সৰলা,

 দুই সপ্তাহ গল, তথাপি তোমাৰ পৰা কোনো পত্ৰকে পোৱা নাই; কাৰণ কি, একোকেই বুঝিব পৰা নাই। প্ৰতি সপ্তাহে লিখিম বুলি অঙ্গীকাৰ কৰিছা, কিন্তু দুই সপ্তাহ নিলিখিলা কিয়? শৰীৰ অসুখ, আছে, সংশয় হৈছে। যি হউক, পত্ৰ পোৱা মাত্ৰেই কেনে আছা, লিখি চিন্তা দূৰ কৰিবা। দেখা সৰলা, হিন্দু আৰু ব্ৰহ্ম ধৰ্ম্মৰ বিষয়ে যি কিছুমান তোমালৈ লিখিছোঁ, এই দুইতো বিশ্বাস কৰিলে