পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
কামিনীকান্তৰ চৰিত্ৰ
 

মন আকৰ্ষণ কৰিছে। তুমি এই ধৰ্ম্মৰ বিষয়ে অধিক শুনিছা নে নাই, তাক নেজানোঁ। কিছুমান শুনিটা; সংশয় নাই। তোমোলাকৰ গাঁৱৰ অনেকেই ব্ৰহ্ম বুলি পৰিচয় দি আছে, জানো সম্প্ৰতি আৰু এটী ব্ৰহ্ম সভা স্থাপিত হৈছে শুনিছোঁ। যিকি নহউক, দেখা, ধৰ্ম্ম ঈশ্বৰে দিয়া। কিন্তু ব্ৰহ্ম ধৰ্ম্ম স্বৰূপত ধৰ্ম্মৰ মাঝত গণিত হব নোৱাৰে। কেশৰবাবুৰ নাম শুনিছা হলো। ব্ৰহ্ম ধৰ্ম্ম হুবুলি যদি কেশব বাবুৰ ধৰ্ম্ম বুলি কোৱা, তেনে হলে বড় ভ্ৰম নহয়। আমি যেতিয়া স্থূলত পঢ়িবৰ আৰম্ভ কৰোঁ, তেতিয়া ব্ৰহ্ম ধৰ্ম্মৰ এক ভাৱ দেখিছিলোঁ, আকও এতিয়া সেই ধৰ্ম্মৰ আৰু এক ভাব। কিমান পৰিবৰ্ত্তন যে হৈছে, কব নোৱাৰোঁ। ৰাজা ৰামমোহন ৰায়, যি জন এই ধৰ্ম্মৰ সৃষ্টিকৰ্তা, তেওঁ এক প্ৰকাৰ ব্ৰহ্মৰ ৰীতি প্ৰচাৰ কৰি গল, কিন্তু তেওঁৰ অনুচৰ- বিলাকে আৰু এক প্ৰকাৰ ব্ৰহ্মৰ ৰীতি প্ৰচাৰ কৰে। তাৰ পাছে কেশব বাবুএ সেই ৰীতি পৰিপক্ক কৰি নতুন ভাৱে প্ৰচাৰ কৰিছে। আকও আজি কালিব ব্ৰহ্মবিলাকৰ মাঝত দুই দল। দেখা, সৰলা, যি ধৰ্ম্ম সত্য, সেইয়ে ঈশ্বৰে দিয়া। তাৰ পৰিবৰ্ত্তন কেতিয়াও নহয়৷ ঈশ্বৰৰ পৰা মনুষ্যে যি ৰূপে তাক পায়, যুগে যুগে সি সেই ৰূপেই থাকে। ঈশ্বৰৰ বাক্য এক সময়ত এক প্ৰকাৰ আন সময়ও আন প্ৰকাৰ কেতিয়াও হব নোৱাৰে। তেন্তে কেশব বাবুৰ ব্ৰহ্ম ধৰ্ম্ম কি? ইয়াক সকলো ধৰ্ম্মৰ পৰা বাচি তেওঁৰ মনত যি উত্তম বোধ হৈছে, তাকেই তেওঁ এক ঠাইত একত্ৰ কৰি ব্ৰহ্ম ধৰ্ম্ম বুলি প্ৰচাৰ কৰি থাকে। ধৰ্ম্মৰ বিষয়ে এই প্ৰকাৰ আচৰণ কেনে হাঁহিয়াত, তাক সুগম ৰূপে বুঝিব পাৰা। কেশব বাবুৰ ৰীতিয়ে যিহে উত্তম বোধ হল, সেইয়ে তেওঁৰ অনুচৰবিলাকৰ পক্ষে সত্য ধৰ্ম! ইয়াক শুনিলে কোনে নো নেহাঁহিব? ইয়াকে কি কোনো প্ৰকাৰে তুমি ধৰ্ম্ম বুলি স্বীকাৰ কৰিব পাৰা? আকও ইহঁতৰ মতে পাপৰ কাৰণে যে আমাৰ সকলোৰে অনন্ত দুঃখ ভোগ কৰিব লাগিব, সেইয়ে যুক্তিসিদ্ধ নহয় বোলে। ইহঁতে কয়, ঈশ্বৰ আমাৰ সকলৰ দয়াময় পিতৃ। তেওঁৰ সন্তান