পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
৩৫
 

উপায় হিন্দু ধৰ্ম্মত নিৰূপণ কৰা হৈছে, সেইয়ে এক নিমিসৰ কাৰনেও মনে নধৰে। ব্ৰাহ্মণবিলাকক অৰ্থদান, গঙ্গা নদীত শ্নান পুন্যতীৰ্ঘ দৰ্শন, বিশেষ বিশেষ দিনত বিশেষ ২ উপবাস বা বিশেষ ২ সামগ্ৰী ভোজন, এই বিলাক আদি কৰি যি সকলো লৰাৰ সদৃশ উপায় পোৱা হৈছে, সেইয়ে হাঁহিয়াতৰ কথা হয়। তুমি ভাবি চোৱাছোন, যি সকলো উপায় ওপৰে লেখা হৈছে, সেই সকলো উপায়ত আশ্ৰয় কৰিলে, ঈশ্বৰৰ বিপৰীতে যি সকলো পাপ কৰিছোঁ, সেই সকলো পাপৰ প্ৰায়শ্চিত্ত কোনো ৰূপে হব পাৰে নে? বিশেষ ৰূপে বিবেচনা কৰি চালে, তুমিও অৱশ্যেই স্বীকাৰ কৰিব লাগে যে, কেতিয়াও হব নোৱাৰে।

সদায় মঙ্গল বাঞ্চক
 শ্ৰীকামিনীকান্ত।

ত্ৰয়োদশ অধ্যায়।
ষষ্ঠ পত্ৰ।

প্ৰিয়ত্তমা সৰলা,

 হিন্দুধৰ্ম্মত যে পৰিত্ৰাণৰ আশা নাই, পাপৰ প্ৰায়শ্চিত্তৰ সম্বন্ধে যি সকলো উপায় পোৱা হৈছে, সেইয়ে যে অমূলক তাৰ বিষয়ে কিছুমান তোমালৈ লেখিছোঁ। অধিক লেখিবৰ আৱশ্যক নেদেখিলোঁ, কাৰণ হিন্দু ধৰ্ম্মত তোমাৰ সিমানলৈ বিশ্বাস নাই। যি সকলো বিষয় লেখিছোঁ, তাৰ দ্বাৰাই হিন্দু ধৰ্ম যে অসত্য, তেনে যদি তোমাৰ বিশ্বাস হয়, তেনে হলে আৰু অধিক প্ৰমাণৰ প্ৰয়োজন কি? তেন্তে এতিয়াও হিন্দু ধৰ্ম্ম যে অসত্য, তাক যদি বুঝিব পৰা নাই, তেনেহলে উত্তৰত লেখিবা, প্ৰয়োজনায় প্ৰমাণ আৰুও দেখাম

 এই পত্ৰত আৰু এটা ধৰ্ম্মৰ বিষয় লেখিছোঁ, হিন্দু ধৰ্ম্মৰ বাহিৰেও আজি কালি ব্ৰহ্ম ধৰ্ম্মৰ বিষয়ে শুনিছা। নতুন বুলি সেইয়ে অনেকৰ