পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামিনীকান্তৰ চৰিত্ৰ।

প্ৰথম অধ্যায়।

 কলিকতা চহৰৰ পৰা অতি দূৰ নহয় গৌৰীপুৰ নামে এখনি সৰু গাওঁ আছে। তাতে ৰামজয় বন্দোপাধ্যায় নামে এজন আৰু আন কেইজনমান ভদ্ৰলোক বাস কৰিছিল। সেই গাঁৱত থকা মান্যৱন্ত মানুহবিলাকৰ মাঝত তেওঁ এজন। তেওঁ কলিকতাৰ গৱৰ্ণমেণ্টৰ কোনো এক কাছাৰিৰ এজন প্ৰধান কাৰ্য্য কৰোঁতা আছিল। ইংৰাজীবিলাকৰ অনুগ্ৰহত ৰেলৰ গাড়ী হোৱাত তেওঁ নিতৌ ঘৰৰ পৰা কাছাৰিলৈ গাঁড়ীৰে আহিছিল। পৰিয়ালৰ মাঝত তেওঁৰ ভাৰ্য্যা, এটী লৰা আৰু দুটী ছোৱালী। পুতেকেই ডাঙ্গৰ, তাৰ নাম অম্বিকাচৰণ; বয়স ২২ বছৰ। উত্তম বিদ্যা শিক্ষা কৰিছিল; কলিকতাৰ প্ৰধান পঢ়াশালীৰ এজন বি, এ; যি সময়ত এই উপাধী লেখা হৈছিল, সেই সময়ত অম্বিকাচৰণে আইন পাঠ কৰিছিল। বড় জনী কন্যাৰ নাম সৰলা; বয়স ১৬ বছৰ, দেখিবলৈ পৰম সুন্দৰী বুলিলেও অধিক বুলি কোৱা নহয়। তেওঁ বিবাহিতা। ওচৰত থকা প্ৰতাপপুৰ গাঁৱৰ ৰামচন্দ্ৰ চট্টোপাধ্যায়ৰ সৰু পুতেক কামিনীকান্তৰ লগত সৰলা পবিত্ৰ বিয়াৰ বিধিৰে বন্ধন হৈছিল। সৰু কন্যাৰ নাম কমলা। কমলা ১২ বাৰে বছৰ বয়সীয়া কন্যা, সৰলাৰ সদৃশ হৈছিল। তাইৰ যে শুধ কোমল মন, তাক মুখ দেখিলে প্ৰকাশ ৰূপে জনা যায়। সৰলা, আৰু কমলা দুয়ো পঢ়িব পাৰিছিল; বেজিৰ কামতো দুয়ো নিপুণ। গাৱত থকা ছোৱালীৰ পঢ়া শালীত দুয়ো লেখা পড়া শিকিছিল। কমলায় এতিয়া অকলেই স্কুললৈ যায়। কিন্তু ঘৰত দুয়ো ভনীয়ে একেলগে পাঠ আওৰায়। ঘৰৰ কাম ৰীতি মতে সকলো ভাৱে সুখে নিওয়া হৈছিল। দন্দৰ বা বিৰোদ্ধৰ চিন মাত্ৰও দেখা নগল বিৰোদ্ধ নোহোৱা ঘৰ, সুখৰ