পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
২১
 

নোৱাৰিলে। পাঠক চিনিব পাৰিছানে কোন? সেইয়া দেখা, হেমাঙ্গী। তেওঁৰ আনন্দ কিয়? আনন্দতে মুখত কথা ওলোৱা নাই। সৰলায় কান্দিছে তাক দেখি কথা কব নোৱাৰিলে, স্তম্ভৰ সদৃসে থিৰ হৈ থাকিল। ইমান দিনৰ মুৰত মনৰ কামনা শিদ্ধি কৰিছে, সেই নিমিত্তেই হেমাঙ্গীৰ আনন্দ। হেমাঙ্গীৰ হাত দুটী পিছ ফালে আছে। হাত লুকাইছে কিয়? পাঠক, অলপমান উলটি দেখা, হেমাঙ্গীৰ হাতত কি আছে? এখন চিঠি নে? কাৰ চিঠি? কামিনীকান্তৰ। কালৈ লেখিছে? আৰু কালৈ লেখিব, সৰলালৈ; সেই কাৰণে হেমাঙ্গীৰ ইমান আনন্দ? তেওঁৰ সহোদৰৰ সদৃস প্ৰিয় সখীৰ ওচৰত কামিনীকান্তৰ পত্ৰ বাহিনী হৈ আহিছে, সেই কাৰণেই তেওঁৰ ইমান আনন্দ। আনন্দ উখালখাই উঠিল, আৰু নিমাত হৈ থাকিব নোৱাৰিলে। সৰলাক সম্বোধন কৰি কলে, "সৰলে” বোলা মাত্ৰকেই সৰলায় উচাৰ খাই উঠিল, আৰু কলে “কি হেম? আহা ভাই, এনে সময়ত দেখো।”

হে। আজি ভাই, তোমাৰ বড় শুভাগ্য।
স। মোৰ আকও সুভাগ্য তেনে দিন কত্ হব?
হে। নহয় ভাই, স্বৰূপকৈ কৈছোঁ।
স। কিয়, কি হৈছে?
হে। নহয় ভাই, কৈছোঁ।
স। কি হৈছে, কোৱাছোন শুনু?
হে। (চিঠি দেখুৱাই ) এইটো কি কোৱাছোন?
স। কাৰ পত্ৰ, ভাই ছাওঁ?
হে। তোমাৰ কামিনীকান্ত বাবুৰ
স। ছাওঁ, ছাওঁ।
হে। নহয় নিদিওঁ।
স। তেন্তে তোমাৰ মিছা কথা; তেওঁ আকৌ চিঠি লেখিব নে?
হে। এতিয়া দেখিবলৈ পাবা।