পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
১৭
 

বিচুৰ্তি হওঁ, এনে নহয়, অনেক স্থলত নিশ্চয়েই অবিশ্বাসৰ অনুমানো হয়৷

কা। দেখা নৰেন্দ্ৰ, অনেকেই এই প্ৰকাৰে আপোনাসকলৰ অমৰ আত্মাক

 বিনাশ কৰিছে। অধিক জানিবলৈ গৈ, অসত্য অসত্য সংশয়

 সাক্ষাৎ কৰি অৱশেষত নাস্তিক হৈ পৰিছে। এই বিষয়ে ময় যি

 বুঝিছোঁ, তোমাকো তাকেই কৈছোঁ; শুনা। দেখা, বাইবেলত

 অনেক বিষয়ে লেখা আছে যিহক আমি বুঝিব নোৱাৰিম; সেয়ে

 যে অতিশয় অদ্ভুত, মনত এনে ভাব নকৰিবা। আমাৰ সকলৰ

 এই সামান্য বুদ্ধিত আমি যে সেই অসীমা ঈশ্বৰৰ বিষয়ে বুঝিব

 পাৰিম, এয়ে কি সম্ভব নে।


ন। এই স্থলত ময় এটা কথা কব লগা হল; তোমোলাকে কোৱা,

 ঈশ্বৰে মানুহক বাইবেল দিছে কিয়? যেন মানুহে তেওঁৰ বিষয়ে

 জানিব পাৰে। তেওঁৱে তেওঁৰ এই পুথিতে আপোনাক প্ৰকাশ

 কৰিছে, সেই নিমিত্তেই তেওঁৱে তেওঁৰ ধৰ্ম্ম পুথা আমাক সংলোকে

 দিছে। তেন্তে যদি তেওঁৱে আপোনাক প্ৰকাশেই কৰিলে তেনেহলে

 তেওঁৰ বিষয়ে আমি সম্পূৰ্ণ ৰূপে বুঝিব নোৱাৰোঁ কিয়? বাইবেলৰ

 অনেক বিষয় প্ৰকাশ ৰূপে বুঝিব নোৱাৰি বুলিএই অনেক অসম্ভও

 বোধ হয়।


কা। দেখা মানুহৰ যিমানলৈ জানিবৰ প্ৰয়োজন, সিমানলৈ বাইবেলত

 প্ৰকাশ কৰি লেখা আছে। কেৱল কেইটামান বিষয়, যি মানুহৰ

 বুদ্ধিৰ অগম্য তাকেই আমি বুঝিব নোৱাৰোঁ।


ন। তেনেহলে আমাৰ সকলৰ কি জনা প্ৰয়োজন, আৰু কি অপ্ৰয়োজন,

 তাক কেনেকৈ জানিম?


কা। তোমাক কেৱল কেইটীমান বিষয় কওঁ, ভালকৈ বিবেচনা কৰি

 কোৱাছোন, সেই সকলো বিষয়ে তোমাৰ কি সংশয় হয়। দেখা,

 তুমি আপুনি হোৱা নাই, তোমাক এজনে এজন কৰিছে, অৰ্থাৎ এনে এজনা

 আছে, যি জনা তোমাৰ সৃষ্টি কৰ্ত্তা, তোমাৰ পিতৃ আৰু তোমাৰ