ন। কৰ্ম্ম কাজ কৰিলে বুড়া হলে।
কা। তুমি বলিয়া, “বুড়া হলে” ভাবিবা? কিন্তু তুমি যে বুড়া হবা,
তাক কেনেকৈ জানিলা কিমান দিন জীবা, তাক কি তুমি জানা
নে যে, শেষত এই সকলো বিষয়ে ভাবিম বুলিছা? ভাবি ছোৱা
এই তোমাৰ লগত কথা কৈছো, কোনে কব পাৰে, ইয়াৰ এক খন্তেকৰ
পাছে মোৰেই বা তোমাৰেই কি ঘটীব পাৰে? কালিলৈ সূৰ্য উদয়,
দেখিম, এনে কথা কোনো নিশ্চয় কৰি কব পাবে?
নৰেন্দ্ৰয় একেবাৰে নিমাত আৰু নিৰুত্তৰ। কি উত্তৰ দিম? নৰেন্দ্ৰয় ভাবিছিল হয়, কেতিয়া মৰিম তাক দেখোঁ নেজানোঁ; তেন্তে কেনেকৈ থিৰ কৰিম যে, অমুক সময়ত এই সকলো বিষয় চিন্তা কৰিম? বৃদ্ধ হম, পকাচুলি হব, কোনে কলে? কোনে জানে? এতিয়াইছোঁন মৰিব পাৰোঁ? তেনেহলে পৰম আত্মাৰ চিন্তা কৰিবৰ সময় নেপালোঁ? নৰেন্দ্ৰয় এই ৰূপে ভাবিছিল, এনে সময়তে কামিনীকান্তয় সুধিলে, “কি হে, তুমি ছোন নিৰুত্তৰ হৈ থাকিলা।”
ন। নহয় ভাবিছোঁ, তোমাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলোঁ। স্বৰূপকৈ
কেনেকৈ কব পাৰোঁ যে, ইমান দিন জীম, হয়তো, এই খন্তেকতেই
আমাৰ মৃত্যু হব পাৰে।
কা। তেন্তে এতিয়া বুঝিব পাৰিছা যে, এই সকলো বিষয় চিন্তা কৰা
আমাৰ সকলোৰে শীঘ্ৰে উচিত, আৰু এতিয়াই দিন পলম নকৰি
এই খস্তেকতেই পৰমাৰ্থিক বিষয় চিন্তা কৰা অতিশয় প্ৰয়োজন।
দেখা, ধৰ্ম্ম পুথিয়ে কয়, “এতিয়াই অনুগ্ৰহৰ সময়,” দেখা এতিয়াই
পৰিত্ৰাণৰ দিন।
ন। দেখা ভাই, এই সকলো বিষয় পূৰ্ব্বে ময় কেতিয়াবা কেতিয়াবা চিন্তা
কৰিছিলোঁ, কিন্তু ইমান গোলমালৰ বোধ হ'ল, আৰু ইমান সংশয়
সাক্ষাৎ হল যে, এইবিলাক বিষয় চিন্তা কৰা ময় পৰিত্যাগ
কৰিছোঁ। বাইবেল মাঝে ২ পঢ়িছে, কিন্তু ঠায়ে ২ ইমান
অসাধ্য বোধ হয় যে, বিশ্বাস কৰিবলৈ বিচুৰ্তি হোৱা যায়, কেৱল