পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
কামিনীকান্তৰ চৰিত্ৰ
 

ষষ্ট অধ্যায়

 পাঠক, তুমি কি সৰলাৰ দুঃখত দুঃখী আৰু কামিনীকান্তৰ কাৰণে চিন্তিছা নে? তেনে হলে আজি এবাৰ শিমলালৈ বলা। কামিনীকান্তৰ লগত অনেক দিন সাক্ষাৎ হোৱা নাই, নৰেন্দ্ৰও সাক্ষাৎ কৰিবলৈ আহিব, অঙ্গীকাৰ কৰিছে। পাঠক, তুমি বলা, সেইয়া দেখা, কামিনীকান্ত বহি আছে, হাতত এখন পুথী লৈ, কিন্তু সি কি পঢ়িছে? নহয়, পুথী লুটিয়াই ধৰিছে, আৰু কতা পুথীৰ ফালে দেখোন ছোৱাই নাই। আকৌ একবাৰ বাহিৰলৈ দেখা, কোন আহিব লাগিছে চিনিব পাৰিছানে? সেইয়া দেখা, পুথী হাতত লৈ নৰেন্দ্ৰ আহিছে। নবেন্দ্ৰয় অঙ্গীকাৰ পাহৰা নাই। তেন্তে পাঠক, তুমি আঁতৰত থিয় হৈ লৰা কালৰে পৰা যিবিলাক মিতিৰ, সিবিলাকৰ কথা বাত্ৰা শুনা; কি জানি তুমি সাক্ষাৎ থাকিলে নৰেন্দ্ৰয় আপোন মনৰ ভাব সম্পূৰ্ণ ৰূপে প্ৰকাশ নকৰিব।

 নবেন্দ্ৰয় গৃহত প্ৰবেশ কৰিলে। কামিনীকান্তই আনন্দেৰে পুলকিত হৈ চকিৰ পৰা লাফ মাৰি উঠি নবেন্দ্ৰক আলিঙ্গন কৰিলে। দুইৰো মনৰ ভাব কোনে বুঝিব পাৰে। পাঠক, তোমাৰ প্ৰিয় বন্ধুক যদি অনেক দিনৰ পাছে কোনো সময়ত দেখা পোৱা, তেনে হলে তেতিয়া তোমাৰ মনত কিমান অসীমা আনন্দৰ অনুভৱ কৰিছিল৷, তাক সোঁৱৰণ কৰি চোৱা। যিকি নহওক, পুনৰ মিলন হোৱা বন্ধু দূজনৰ আনন্দ তাত কৈয়ো অধিক। দুইৰো সম্বোধনৰ সমাপ্ত হলত কামিনীকান্তই সুধিলে, “কি হে, ঘৰত সকলো ভালে আছে নে? আই ভালে আছে? বাবা ভালে আছে নে?”

ন। হয়, সকলো ভালে আছে, শুনিছোঁ।

কা। সৰলা?

ন। ভাল।

কা। কমলা, অম্বিক আৰু সিবিলাকৰ সকলো ভাল নে?