এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
১৩
হে। ময় যে ভাবিছিলোঁ, তাক তুমি কেনেকৈ জানিব পাৰিলা?
ন। মই বাহিৰত থিয় হৈ ছাই আছিলোঁ, হেমাঙ্গীএ কি কৰিছে।
হে। কতা, ময়ছোন তোমাক দেখা নেপালো?
ন। ময় এন্ধাৰত আছিলোঁ, তুমি পহৰৰ ওচৰত আছিলা, এই কাৰণ
- তুমি মোক দেখা পোৱা নাই, কিন্তু ময় তোমাৰ সকলো দেখা
- পাইছিলোঁ। মই ভাবিছিলোঁ, তুমি জানো খিৰকিএদি তৰা
- লেখিছিলা।
হে। আৰু খেজিলিয়াব নেলাগে।
ন। কি ভাবিছিলা কোৱা?
হে। ময় সৰলাৰ দুঃখৰ কথা ভাবিছিলোঁ।
ন। তাকেতো তুমি সেই বিষয়ে কিমান বেলি কৈছা, কিন্তু তোমাৰ
- সৰলাৰ কাৰণে মই কি কৰিম, একোকেই থিৰ কৰিব পৰা নাই।
হে। আজি ময় এটা থিৰ কৰিছোঁ, তুমিয়ে তাক কৰিব লাগিব।
ন। কি থিৰ কৰিছা, শুনু?
হে। তুমি এবাৰ কামিনীকান্ত বাবুৰ তালৈ গৈ সৰলাৰ দুঃখৰ কথা
- কব লাগে, আৰু তেওঁৱে সৈতে পৰামৰ্শ কৰি তেওঁ কি কৰিব তাক
- ধিৰ কৰিব লাগে।
ন। যিহকে কোৱা, তাক কৰিবলৈ ময় যুগুত আছোঁ তুমিতো জানা
- যে, ময় কামিনীকান্তক ভাইৰ নিছিনাকৈ ভাল পাওঁ। আৰু সেই
- কাৰণে সৰলাকো ভাল পাওঁ। সিবিলাকে যিহতে সুখী হব, সেই
- বিষয়ে যদি ময় দুঃখ ভোগো কৰিব লাগে, তাতো ময় যুগুত।
হে। তেন্তে কেতিয়া যাবা কোৱা?
ন। দেখোঁ, কাইলৈ দুই বজাৰ সময়ত ছুটী পাম; বাৰু, কাইলৈ
- কলেজৰ পাছে যাম।