সকলো এই নিমাত। খোঁটালিটী কেনে পৰিষ্কাৰ! সেইয়া দেখা,
এফালে এখন খাট আছে। সেয়ে নিৰ্ম্মল চাদৰেৰে ঢকা; আনফালে
এখন ঘুৰণিয়া মেজ আছে। তাৰ ওপৰত এটী প্ৰদ্বীপ জ্বলিছে, আৰু
কেইখনমান পুথী তুলি থোৱা আছে, চাৰিও ফালে চকি আছে
এখনি চকিত হেমাঙ্গি বহি আছে, আন এখন চকিৰ ওপৰত দুইটী
ভৰি তুলি থৈছে। কাৰপেটৰ টুপী বব লাগিছে; এটী ফোঁড় তুলিছে
দুৱাৰৰ ফালে চাইছে, আকও এটী ফোড় তুলিছে, হাতৰ পৰা বেজি
পৰি গল, হেমাঙ্গীএ জানিব নোৱাৰিলে, বাওঁ গালত হাত থৈ
এক দৃষ্টিৰে খিলিকিৰ ফালে ছাই আছে। হেমাঙ্গীএ অৱশ্যে ভাবিব
ধৰিছে; কি ভাবিছে? পাঠক জানিবৰ অভিলাষ হৈছে নে?
হেমাঙ্গীৰ কাৰণে তুমি আৰু অধিক বেলী ভাবিব নেলাগিব।
হেমাঙ্গীএ ভাবিছে, সৰলাৰ নিমিত্তে কি কৰিম? সৰলায় কি এই
যাতনা চিৰকাল ভোগ কৰিব লাগিব? সৰলাৰ দুঃখ দেখো
সাধাৰণ নহয়! এওঁৰ আহিবৰ কিছুমান পলম হৈছে; মৰ মনত
কিমান প্ৰকাৰ চিত্তা উৎপন্ন হল, সেই সৰলায় দুই বছৰ স্বামীৰ
মুখ দেখা নাই, দেখিব, এনে আশাও মনত নাই, অৱশ্যে সবলায়
অসহনীয় দুঃখ ভোগ কৰিছে, সংশয় নাই। শৰ্তী সৰলায় কিপ্ৰকাৰে
এনে দাৰুণ ক্লেশ সহন কৰিব? ইয়াৰ কি একো উপায় নাই
সিবিলাকক কি মিল কৰিবলৈ নোৱাৰিম নে? অৱশ্যেই
পাৰিম। কামিনীকান্ত বাবুৰে সৈতে এওঁৰ বিশেষ মিত্ৰ ভাও আছে,
এওঁৰেই সৰলাৰ দুঃখৰ সমাচাৰ তেওঁক জনোৱাম। তেওঁৰ মন
অতি মৃদু; ময় জানোঁ, তেওঁ সৰলাৰ দুঃখৰ কথা শুনিলেই অৱশ্যে
কোনো উপায় কৰিবই কৰিব। হেমাঙ্গীএ এই প্ৰকাৰ চিন্তা
কৰিছিল, হঠাৎ ভৰিব শব্দ শুনিবলৈ পালে, ভৰিৰ শব্দকো পৰিচয়ৰ
বোধ হল। নৰেন্দ্ৰয় গৃহলৈ আহি টুপী মেজৰ ওপৰত থলে, আৰু
হেমাঙ্গীৰ কান্ধতে হাত দি শুধিলে।
“হেম, তুমি এনেকৈ কি
ভাবিছিল৷?”
পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/১৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
কামিনীকান্তৰ চৰিত্ৰ