পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
 


২ বছৰ হল তেওঁ গৈছে, তেতিয়াৰে পৰা তেওঁক দেখা নাই, তেওঁৰ
কোনো বাত্ৰাও পোৱা নাই; তেওঁ কি সেই প্ৰকাৰে আছে, তেওঁৰ
মনৰ ভাব কি পূৰ্ব্বৰ দৰে আছে? তেওঁ কি এতিয়৷ মোক সেই
প্ৰকাৰে ভাল পাব? ময় যদি যাওঁ, তেনেহলে তেওঁ কি মোক
নিবনে? মোৰ ভাই, এই বিষয়ে মোৰ সংশয় হৈছে।

হে। দেখা, সেইবিলাকৰ বিষয়ে সংশয় নকৰিবা, কামিনীকান্ত বাবু

তেনেকুৱা নহয়, তেওঁৰ চৰিত্ৰ ময় ভাল ৰূপে জানো; তোমাৰ
সংশয়ৰ কোনো কাৰণ নাই।

স। কিজানি ভাই, মনে নুবুঝে, মোৰ দোষ কি? মনত ক্ৰমাগত

সংশয় হৈছে, সংশয়ৰ ওপৰ সংশয় জন্মিছে।

হে। সেইবিলাক বিষয়ে ইমান ভাবা যে, সেয়েই মনত ইমান

সংশয় সাক্ষাৎ কৰাই। তেন্তে ভাই, এতিয়৷ তুমি বহ।, ময় যাওঁ।

স। তুমি ইমান বেলি আছিল৷, তাতেই মনতো ভাল আছিল, তুমিও

এতিয়া মোক এৰি যাবা, তেন্তে ময় কাৰ মুখ চাই থাকিম।

হে। কি কম ভাই, তোমাক এৰি থাকিম, মোৰ কি এনে বাঞ্চা।

সকলো কাম পৰি আছে, আয়ে অকলে দুঃখ পাইছে; তেওঁক
সহায় দিওঁগৈ, ময় নকৰিলে আৰু কোনেনো কৰিব? ইয়াক
ভাই, তুমি মনত একো নেৰাখিবা, মই যিমান বেলি পাৰিম, সিমান
বেলি আহিম; এতিয়া আৰু যাওঁ৷

 এই বুলি হেমাঙ্গীএ আদৰেৰে সৰলাৰ কোমল ঠুতৰিত ধৰি, বদন পদ্মক তুলি পুনৰায় যাওঁ বুলি বিদায় লৈ ঘৰলৈ গল।

পঞ্চম অধ্যায়।

  সৰলাৰ লগত ওপৰে কোৱা কথোপকথন হোৱাৰ দুদিনৰ পাছে

হেমাঙ্গীএ কি কৰিছিল, পাঠক, এবাৰ তাক শুনা। হেমাঙ্গীৰ সয়ন
গৃহত একবাৰ প্ৰবেশ কৰা। নিশা প্ৰায় আঠ বাজিছে; খুদ্ৰ গাৱঁত