সমললৈ যাওক

পৃষ্ঠা:কামত কৃতিত্ব লভিবৰ সঙ্কেত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হেৰুৱায়। শাস্ত্ৰাভিমানী পণ্ডিত বোলোৱাসকলৰ ঈশ্বৰ লাভ দুঃসাধ্য। খ্ৰীষ্ট, নানক, মহম্মদ, ৰামকৃষ্ণ পৰম হংসব কান্ধত শাস্ত্ৰবিদ্যাৰ মেটমৰা ভাৰ নাছিল জানিবা।

 তুমি ঈশ্বৰত বিশ্বাস স্থাপন নকৰিলে ঈশ্বৰৰ যে কিবা হানি হব, বা সেই বাবে তেওঁ তোমাৰ ওপৰত খং কৰি হোৰ তুলিব এনে নহয়।

 তেওঁ “প্ৰশান্ত পুৰুষ আনন্দময়" তেওঁ তোমাৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ অজ্ঞতাৰ খবৰ নলয়। সেই বাবে হানি তোমাৰহে। তুমি তোমাৰ আই-বোপাইৰ কৰুণা-ডৌকাৰ তলৰ পৰা আঁতৰি থাকি বতাহ বৰষুণ আৰু শিলাবৃষ্টি গাত পেলাই আপোনিহে ধ্বংস হবা।

 হে বন্ধুসকল! তোমালোকে ঈশ্বৰত বিশ্বাস স্থাপন কৰি তেওঁৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ কৰ্ত্তব্য কৰি যাবা; দেখিবা তোমালোকৰ উন্নতি নিশ্চিত, মন নিৰুদ্বেগ আৰু প্ৰশান্ত।

 ঈশ্বৰৰ ৰাজ্যত কেতিয়াও অন্যায়ৰ শাস্তি নোহোৱাকৈ নেযায়। অন্যায়-অবিচাৰৰ শোচনীয় পৰিণাম আছেই। ন্যায়ে মূৰকত জয়-পতক৷ হাতত লৈ দুন্দুভি বজাই আহিবই জানিবা।

 ঈশ্বৰৰ এই সুন্দৰ জগৎ অন্ধ নিয়াৰ দ্বাৰাই পৰিচালিত হোৱা নাই জানিবা। মানুহে “আৰ্জ্জোনৰ ফল ভুঞ্জে" সজ কামৰ সজ ফল আৰ বেয়া কামৰ বেয়া ফল আছেই। মানুহ এই পৃথিৱীত বাপেক-মাক নাইকিয়া মাউৰা লৰা নহয়; আমাৰ আই-বোপাই পৰমেশ্বৰৰ কৰুণাৰ চকু সদায় আমাৰ ওপৰত আছে, থিবাং জানিবা।