আদিৰ জীৱন চৰিত্ৰ পঢ়ি এই কথাৰ সত্যতা হৃদয়ঙ্গম কৰিবা।
অৱশ্যে তোমাৰ মত সঁচা আৰু আনৰ মত মিছা এনে ধাৰণা জ্ঞান-যুক্তিৰ দ্বাৰাই তোমাৰ মনত ঠাই পালে তেওঁক পাৰ্য্যমানে যুক্তি-তৰ্ক আৰু উপদেশৰ দ্বাৰাই তোমাৰ বাটলৈ আনিবলৈ চেষ্টা কৰিবা, কিন্তু নিন্দা, পেংলাই, তুচ্ছ-তাচ্ছিল্য নাইবা কঠুৱা ব্যৱহাৰ কৰি বা বলেৰে নহয়। পৰৰ মত, পৰৰ বিশ্বাস ভুল বুলি বুজিলেও তেওঁলোকৰ যুক্তি তৰ্কত আস্থা দেখুৱাবা। লোকে যেনেকৈ তোমাৰ মতত বা বিশ্বাসত আস্থা দেখুৱাবলৈ তুমি আশা কৰা, পৰেও সেইদৰে তোমাৰপৰা তেনে আশা কৰে এইটো নেপাহৰিবা। আৰু এইটোও পাহৰিব নেলাগে, যে কিজানি চালনীৰে চালি কুলাৰে জাৰি আনেও তোমাৰ মতত তোমাৰ চকুত নপৰা ভুলৰ তুঁহ-পতান উলিয়াব পাৰে! তোমাৰ মনৰ দুৱাৰ সদায় মুকলি কৰি থবা। কাৰণ লোকে তোমাৰ মত আৰু বিশ্বাস অসাৰুৱা প্ৰমাণ কৰিব পাৰিলে, ততালিকে সেই অসাৰুৱা মত আৰু বিশ্বাস দলিয়াই পেলাই তাৰ ঠাইত লোকৰ সাৰুৱা মতক ঠাই দিব লাগিব। নতুবা তুমি কণা, মিছা অহঙ্কাৰী আৰু ভয়াতুৰৰ শাৰীলৈ নেনামি নোৱাৰা। লোকব কুসংস্কাৰ গুচাবলৈ গৈ নিজে সাজি লোৱা কুসংস্কাৰৰ লেটাৰ ভিতৰত বান্ধ খোৱাটো মূৰ্খতা।
৪৭৷ সকলো মানুহক সন্মান আৰু শ্ৰদ্ধা কৰিবাঁ :
তোমাৰ একে শাৰীৰ একে জাতৰে হওক বা তোমাতকৈ নীহ শাৰীৰ জাতৰে হওক বা ওখ জাতৰে হওক, সকলোকে
৪১