সমললৈ যাওক

পৃষ্ঠা:কামত কৃতিত্ব লভিবৰ সঙ্কেত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৬৷ তোমাৰ কাৰ্য্য আৰু জীৱন পূৰ্ণ বিশ্বাসৰ দ্বাৰাই পৰিচালিত কৰিবা :

 যি কাম কৰিবা, বা যেনেকৈ নিজক চলাবা, তাক সত্যতাৰ বিষয়ে তোমাৰ সম্পূৰ্ণ বিশ্বাস থকা উচিত যদি জানা বা তোমাৰ মনত সন্দেহ ওপজে যে, সেই কামৰ ভেঁটি সত্যৰ ওপৰত নহয়, আৰু তুমি চলা বাটটো তোমাৰ ভ্ৰম সংস্কাৰৰ ফল, তেতিয়াই তাক কটা-ছিঙাকৈ এৰিবা। ৰাইজে চকু মুদিছে বুলি ভ্ৰম বুজিও চকু মুদাটো ঠিক নহয়। দহজনে এটা ভুল বাটেদি গৈছে বুলি তুমিও জানি-শুনি ভুল বাটেদি যাব লাগিব, এনে নহয়। মনৰ স্বাধীনতাক কেতিয়াও লোকৰ নিন্দাৰ ভয়ত বলি নিদিবা কুসংস্কাৰৰ বাটত অলেখ যাত্ৰী পোৱা যায় বুলি সিহঁতৰ পিছ নধৰিবা। লক্ষ লোকৰ চকুত নপৰা ভুল কেতিয়াবা এজন লোকৰ চকুত পৰা দেখা গৈছে। এনেকুৱা প্ৰায় দেখা যায় যে কোনো ভ্ৰম সংস্কাৰৰ অসাৰত্ব অনেক লোকে বুজিব পাৰিও এলাহৰ বশৱৰ্ত্তী হৈ বা লোকৰ বিৰাগৰ পাত্ৰ হবৰ ভয় কৰি বা আন কোনো অসুবিধাত পৰিম বুলি ভাবি সেই বাটেদি চকু মুদি চলে। এনে কাপুৰুষ লোকৰ জীৱন অসাৰ, পলসুৱা আৰু ঘৃণাৰ পাত্ৰ জানিবা। সংসাৰত সাহিয়াল হৈ ভ্ৰম-পূৰ্ণ বাট এৰি তোমাৰ মানৱী জনম সকল কৰিবা। ঈশ্বৰৰ ৰাজ্যত তুমি এজন জ্ঞান বিবেক থকা ন্যায়-অন্যায় বুজিব পৰা আৰু দায়িত্ব থকা সুকীয়া মানুহ জাকৰ গৰু নহয়। গেলিলিও, চক্ৰেটীচ, বুদ্ধ, নানক, চৈতন্য, শঙ্কৰদেৱ

৪০