সমললৈ যাওক

পৃষ্ঠা:কামত কৃতিত্ব লভিবৰ সঙ্কেত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৫। তোমাৰ চৰিত্ৰ নিৰ্ম্মল ৰাখিবাঁ :

 কৃপণে যেনেকৈ ধন ৰাখি বহি থাকে, ৰজাই যেনেকৈ খাজানা-গাৰাজৰ দুৱাৰত হিলৈ তৰোৱাল লোৱা দুৱৰী চিপাহী থৈ পহৰা দিয়ায়, সতীয়ে যেনেকৈ আপোন সতীত্ব নিৰ্মূল ৰাখিবলৈ প্ৰাণপণ কৰে, ধাৰ্ম্মিকে যেনেকৈ ধৰ্ম্মৰ পথৰ পৰা ভৰি নিপিচলাকৈ খুপি খুপি চলে, তুমিও সেইদৰে তোমাৰ চৰিত্ৰত চেক৷ লাগিব নিদিয়াকৈ তাক সাৱধানে ৰাখিবা। ধন, সন্মান, ক্ষমতা, পাৰ্থিব সুখ আদিতকৈও চৰিত্ৰৰ মূল্য বেছি। চৰিত্ৰ হেৰুৱালে তোমাৰ একো নেথাকে জানিবা। চৰিত্ৰহীন লোকৰ জীৱন বিফল। চৰিত্ৰহীন ৰজা, মন্ত্ৰী আৰু লাখপতিতকৈ চৰিত্ৰবান ভিকহু ডালদৰিদ্ৰ বেছি ধনী, মানী আৰু ওখ জানিবা। এই পৃথিৱীত কত যোগ্য বুদ্ধিমান মানুহে চৰিত্ৰ হেৰুৱাই উন্নতি জখলাৰ ওপৰ খলপাৰ পৰা পিছলি ধুপুৰকৰে তলত পৰি ধ্বংস হৈছে, দেখিলে শোক লাগে পাৰ্নেল, ডিল্কে, বুলাঞ্জৰ আৰু হেক্টৰ মেকডনাল্ডৰ জীৱনৰ কি শোকলগা পৰিণাম? সাৱধান, ভাই সাৱধান, সদায় নিজৰ চৰিত্ৰক ফটিকৰ ধাৰ যেন নিৰ্ম্মল ৰাখিবা; তাৰ বাবে তোমাৰ আন সকলো যায়, সিও স্বীকাৰ্য্য। চৰিত্ৰ দিনেই অলপ আয়াসতে গঠিত নহয়। ৰোম সাম্ৰাজ্য একে দিনাই হোৱা নাছিল। চৰিত্ৰ গঠন প্ৰাণপণে যত্ন আৰু কঠোৰ সাধনাৰ ফল। এনে বহুমূলীয়া ৰত্ন হেলাতে নেহেৰুৱাবা।

৩৯