সমললৈ যাওক

পৃষ্ঠা:কামত কৃতিত্ব লভিবৰ সঙ্কেত.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“ত্যজ দুৰ্জ্জন সংসৰ্গং ভজ সাধু সমাগমং”। ভাল মানুহ ভাল কাম, ভাল কিতাপ, ভাল আলাপৰ লগ কেতিয়াও নেৰিবা। বেয়াৰ সৈতে কেতিয়াও সাঙোৰ নেখাবা।

৪৪। বিয়াৰ বিষয়ত সাৱধান হবঁ৷ :

 যাক তোমাৰে জীৱনৰ চিৰসঙ্গী কৰিব লাগিব, তেনে তিৰুতাক গুৰিতে চাই-মেলি পৰীক্ষা কৰি বিয়া কৰাবা। তিৰুতাক সহধৰ্মিনী বোলে। তোমাৰ সহধৰ্ম্মিনী নামত যেনে কামতো তেনে হব লাগিব। তোমাৰ তিৰুতা তোমাৰ প্ৰকৃত বন্ধু। বন্ধু বাছি লোৱাতকৈও এই বিষয়ত বেছি সাৱধানতাৰ আৱশ্যক। বন্ধু বাছি লোৱাত ভুল হলে সেই মিছা বন্ধুক কাইলৈ এৰি পেলাব পাৰিবা, কিন্তু তোমাৰ তিৰুতাক নোৱাৰা। তেওঁ তোমাৰ মৰণে-জীৱনে, আনকি পৰকালৰো লগৰীয়া অকল দেখিবলৈ শুৱনী হলেই ছোৱালী ঘৈণী হবৰ উপযুক্ত হল এনে নেভাবিবা। ৰূপ দুদিনীয়া। স্বভাৱ-চৰিত্ৰ সুন্দৰ আৰু গুণৱতী সতী সাধ্বী হলেহে সেই ঘৈণী মানুহ আৰু দেৱতাৰ চকুত শুৱনী। সুন্দৰ মনমোহা গোলাপ ফুলটিৰ ভিতৰতো বিষাক্ত পোক অনেক সময়ত থকা দেখিবলৈ পোৱা যায়। যি ঘৈণী খঙাল, অসতী, আপোনপেটীয়া, অধৰমী, তেওঁ আপোনাৰ স্বামীৰ আৰু লক্ষ্মীৰ শান্তিময় ঘৰ ভাঙি ডাল ডাল কৰে। সেই ঘৰ “যথাৰণ্যং তথা গৃহং” হয় স্বামী-স্ত্ৰীয়ে ঈশ্বৰক সাক্ষী কৰি বিয়াৰ সময়ত যি প্ৰতিজ্ঞা কৰে সেই প্ৰতিজ্ঞা মতে চলিলে বিবাহিত জীৱন নিশ্চয়

৩৭