সমললৈ যাওক

পৃষ্ঠা:কামত কৃতিত্ব লভিবৰ সঙ্কেত.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আগত কৈ গণ্ডপ নেমাৰিবা। ফাইদাং মাৰি ফুৰা লোকৰ চৰিত্ৰ ৰসাতললৈ যায়। সদাই নম্ৰ বিনয়ী হবাঁ। কাৰণ নিশ্চয় জানিবা, তুমি যি ক্ষমতা, বিদ্যা আৰু শাৰীৰিক সৌন্দৰ্যৰ নিমিত্তে গপত ওফন্দিছা, সেইবোৰ বিশ্বসংসাৰৰ জ্ঞান, ক্ষমতা আৰু সৌন্দৰ্য্যেৰে সৈতে তুলনাত বালিচাহিতকৈও লক্ষ্যগুণে সৰু, নগণ্য। যি নিজৰ মূৰ্খতা, শক্তিহীনতা আৰু ক্ষুদ্ৰতা বুজে, সিয়েই জ্ঞানী। জ্ঞানী নিউটনে কৈ গৈছে, যে তেওঁ যি লিখিলে, যি জ্ঞান উপাৰ্জন কৰিলে, সেইবোৰ কেৱল সাগৰৰ পাৰৰ শিলগুটি গোটোৱা মাথোন। কথাই কথাই ডাংকোপ মাৰি ফুৰা মানুহক লোকে অসাৰ বুলি জানে। “গৰ্ব্ব খৰ্ব্বতি সত্বৰং”।

৩৮৷ আৰি নেমাৰিবা, জুৱা নেখেলিবা, চিঠি নেখেলিবা। :

 তাচ, পাশা, ডবা আদি খেল কেতিয়াও আৰি মাৰি নেখেলিবা। ঘোঁৰা দৌৰ আদিত টকাৰ লোভ কৰি আৰি মৰা অন্যায় আৰু পাপৰ কাম জানিবা। দহ জনে কৰিছে, অমুক-তমুক নামজ্বলা ডাঙৰ মানুহে আৰি মাৰি ধন জিকিছে, এনে আৰ্হি লৈ কেতিয়াও তুমি নচলিবা। যিটো বেয়া, সি সদায় বেয়া, তেহেলৈ তাক ডাঙৰ মানুহেই কৰক বা দিল্লীৰ পাটস্যাহেই কৰক। সদায় মনত ৰাখিবা, যি বস্তু বা যি টকা ঘটিব খোজা; তাৰ উচিত মূল্য, তোমাৰ খাটনিৰেই হওক বা থুনপাকৰ ধনেৰেই হওক, তোমাৰ দেয়। উচিত বেচ নিদি পাবলৈ ইচ্ছা

৩৪