সমললৈ যাওক

পৃষ্ঠা:কামত কৃতিত্ব লভিবৰ সঙ্কেত.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ডাঙৰ মানুহ পেটুৱা বা পথালি কোমোৰা হৈ অকামিলা হয়। তেনে মানুহৰ লগৰ পৰা বাৰটা মাহৰ তেৰটা নৰিয়াৰ জগৰ কেতিয়াও নুগুচে। সৰহকৈ নেখাবা “তাকৰকৈ নেখাবা, পেটৰ তিনি ভাগৰ এভাগ সদায় খালি ৰাখিবা; তেহেলৈ তুমি ভোজকে খোৱা, বা দৈনিক খোৱাকে খোৱা, নাইবা পৰৰে খোৱা। ভোজ খাবলৈ বহিলে বা লোকৰ ওপৰত খাবলৈ পালে, অনেকৰ ডিঙিলৈকে খজা অভ্যাস আছে; কিন্তু তেওঁলোকে এইফেৰা ভাবি নেচায় যে বস্তু লোকৰ হলেও প্লেটটি নিজৰ। “অতি ভোজনং ৰোগমূলং আয়ুক্ষয়কৰং” বুলি শাস্ত্ৰত কোৱা কথা মনত ৰাখিবা। খোৱা পতিত বা নেজত বহি তোমাৰ নিজ বেহা-বেপাৰ বা বিষয়-কাৰ্য্যৰ কথাকে উৰাই-ঘূৰাই কৈ নেথাকিবা। সেই অসভ্য অভ্যাস থাকিলে এৰিবা। খোৱাৰ পিছত অন্ততঃ আধা ঘণ্টামান জিৰাই তাৰ পিছতহে কামত লাগিবা। খোৱাৰ পিছত লৰি খোজ নেকাঢ়িবা। ‘মুত্যুৰ্ধাবতি ধাবতঃ' শাস্ত্ৰৰ বচন।


৩৫৷ সৰ্ব্বাঙ্গ সুন্দৰ উন্নতি কৰিবলৈ লক্ষ্য ৰাখিবাঁ :

 তোমাৰ শাৰীৰিক, মানসিক আৰু নৈতিক উন্নতিত সমানে চকু দিবা। ব্যায়ামাদিত গোটেই মন দি উন্নতিলৈ আওহেলা কৰিলে তুমি এটা মাল বা অসুৰ হ'ব পাৰিবা, কিন্তু ঈশ্বৰৰ সৃষ্টিৰ কলচী সৰ্ব্বাঙ্গ সুন্দৰ মানুহ হব নোৱাৰা। নৈতিক আৰু শাৰীৰিক উন্নতিলৈ পিঠি দি অকল বুদ্ধিৰ উন্নতিৰ চেষ্টা কৰিলে এটা কিম্ভুতকিমাকাৰ মানুহ নামধাৰী প্ৰাণী হব পাৰাঁ, সম্পূৰ্ণ মনুষ্যত্ব লভিব নোৱাৰাঁ। অন্ধ-বিশ্বাসীজন ধৰ্ম্মোমত্ত "গাজী"ৰ শাৰীৰ বাহিৰে আন শাৰীলৈ যাব নোৱাৰে। একোটা ডাঙৰ

৩২