কাৰ্য্য কাইলৈ তোমাৰ গাত আহি পৰিবই, এৰণ নাই, সেই বিপদীয়া কামক টোপোলা বান্ধি পেলাই থোৱাতকৈ তৎক্ষণাৎ তাৰ সন্মুখ হোৱাটোৱেই পুৰুষালি। অমঙ্গলক “ডেনক্লিচৰ” তৰোৱালৰ দৰে মূৰৰ ওপৰত ওলোমাই যিমান থবা, সিমান সি তোমাৰ মনত অশান্তি ওপজাব।
১৭৷ যি কামৰ ভাৰ তোমাৰ গাত পৰে তাক মন দি মুকলি অন্তঃকৰণেৰে সৈতে কৰিবা :
যি কাম তুমি কৰিব লগীয়াত পৰা তাক কৰ্ত্তব্য ভাবি এহাশুধীয়াকৈ কৰিবা। সেই কাম তোমাৰ পোনতে ভাল নেলাগিলেও, চেষ্টা কৰি ভাল পাবলৈ শিকিবা; দেখিবা তাক শেহত তোমাৰ ভাল লাগিবই। কামটো দুদিনীয়াই হওক বা চিৰস্থায়ীয়েই হওক, তাত সমানে মন লগাবা। দিনচেৰেকলৈ কোনো চাকৰীত একটিং কৰা ভালেমান চাকৰীয়া ডেকাই সেই কামত মন নিদি কোনোমতে পাল মাৰি দিন কটাবলৈ কাৰবাৰ কৰে। তেওঁলোকৰ সেইটো মহাভুল; আৰু শেহত তেওঁলোকে সেইবাবে আপুনি ঠগ খায়। এদিনলৈ কাম সুন্দৰকৈ কৰিও যদি তুমি গৰাকীৰ চকুত লগা হ'ব পাৰা, দেখিবা,
তোমাৰ গৰাকীয়ে তোমাক আকৌ বিচাৰিব, আৰু তেওঁৰ অনুগ্ৰহত তুমি আন চিৰস্থায়ী কামত লাগি যাব পাৰিবা। বেয়া টকা দুবাৰ এবাৰ চলি গলেও শেহত সি ধৰা পৰি কটা যায়; আৰু নিভজুৱা টকাৰ মৰণ নাই। স্বাৰ্থৰ পিনে
১৭