বা মিছা অহঙ্কাৰ নহয়। বহুতে আকৌ ভেমক আত্মসম্মানেৰে সৈতে সানমিহলি কৰি তেওঁলোক এই বিপদত পৰে।
৭। ক্ষুদ্ৰ বিষয়তে৷ সৰল অকপট আৰু এহাশুধীয়া হবাঁ:
ক্ষুদ্ৰ কথা ক্ষুদ্ৰ কামো যি কুৰ্চ্ছুত কপট নেৰাখি
কৰে, ডাঙৰ বিষয়, ডাঙৰ কামতো তেওঁ সৰল আৰু
অকপটীয়া নহৈ নোৱাৰে। বিশেষ, যাক আজি আমি
সৰু কথা বুলি ভাবিছোঁ কাইলৈ তাৰ ফল ডাঙৰ হৈ
উঠিব পাৰে। ক্ষুদ্ৰ কথাৰ কুফলত ডাঙৰ আপদ অহাৰ
কথা পৃথিৱীৰ বুৰঞ্জীত ভালেমান আছে। সামান্য
দন্দ-হাইৰ ফলত ধন-ধান্যেৰে ভৰপূৰ গৃহস্থৰ ঘৰ ভাগি ঠান ঠান
হোৱা দেখা যায়। সৰু অনিয়মত মূল্যবান জীৱন যায়।
ল'ৰাকালত পাইটো পইচাটো চুৰ, কৰি, আৰু পখিলাটো,
চৰাইটো, মেকুৰীটোৰ পাখি ডৌকা আৰু ঠেং ভাঙ্গি,
ডাঙৰ হলে ডাঙৰ চোৰ, ডাঙৰ ডকাইত আৰু ডাঙৰ খুনী
হৈ ফাটক আৰু ফাঁচীত উঠা অনেকক দেখা যায়।
সদাগৰী অফিচৰ, বেঙ্কৰ, চৰ্কাৰী বা কেছাৰীৰ কেৰাণী আৰু
খাজাঞ্চীসকলৰ ভিতৰত হিচাপত খোহামাৰি বা গোঁজামিল
দি পাইটো, পইচাটো, অনাটো, টকাটো ইফাল-সিফাল
কৰা বহুতৰ অভ্যাস আছে, আৰু তেনে কৰাটো পাপ
বুলি তেওঁলোকে নেভাবে। কিন্তু এনে ক্ষুদ্ৰ আৰম্ভণৰ
শেহফল যে ভয়ঙ্কৰ তেওঁলোকৰ মনত নেখেলায়।
উপজিয়েই ৰত্নাকৰ দস্যু বা একে দিনেই বৰ চোৰ কোনো
হোৱা নাই। সৰু মিছলীয়াই অভ্যাসৰ পানী পাই