সমললৈ যাওক

পৃষ্ঠা:কামত কৃতিত্ব লভিবৰ সঙ্কেত.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তেৱেঁই উন্নত, আৰু তেওঁৰে জীৱন সাৰ্থক। যি কাৰ্য- কাৰকে তেওঁৰ গৰাকীৰ আগত নিজৰ ভুল আৰু দায় মুকলি মনেৰে সৈ কাঢ়ে সেই কাৰ্য্যকাৰকৰ ওপৰত গৰাকীৰ শ্ৰদ্ধা বাঢ়ে, আৰু তাৰ ফল স্বৰূপে তেওঁৰ আগলৈ ভাল হোৱাটো ধুৰূপ। যি নিজৰ দোষ বুজিও অস্বীকাৰ কৰি সেই ভুল মত বা কাৰ্য সাবটি থাকে সেই বুজন নিৰ্গতক সকলোৱে গোৱাঁৰ আৰু সৰু মনৰ বুলি ভাবে।

৬। আত্ম সন্মান সদাই অতি যতনেৰে ৰাখি চলিবা:
 যি আত্মসমান ৰাখি নচলে সি সমাজত ঘূৰ্ণিত আৰু লাঞ্ছিত হয়। আত্মসমান বলি দি সামাজিক উন্নতিলৈ হেপা মেলিলে আত্মসন্মান আৰু সামাজিক উন্নতি দুয়ো হাততে হেৰায়। যি নিজৰ সমান নিজে ৰাখি চলে সি লোকৰপৰা সন্মান পাবলৈ আশা কৰা বৃথা। কোনো কোনো লোকে ধন, সম্পত্তি, খোৱা-লোৱা বা অনুগ্ৰহৰ লোভত বিবেকৰ টেটুত খোৰোচা গাঠি দি তাক ওলোমাই থৈ ডাঙৰ মানুহৰ খোচামদ বা খাটনিত প্ৰবৃত্ত হয়। সিহঁত অতি ঘিণ লগা প্ৰাণী। সিহঁতৰ মনত নেখেলায় যে, আত্মসম্মান বেচি পোৱা ধন-সম্পতি, অনুগ্ৰহ আদি অতি অকিঞ্চিৎকৰ। অনুগ্ৰহ দিওঁতাজনৰ মনতো সেই খোচামোদীয়া জন ঘূণিত নহৈ নোৱাৰে নিশ্চয় জানিবা। কিন্তু আত্মসম্মান মানে ভেম