আহে; আক কথাত ৰহণ সনা বেপাৰীজনৰ কথা খৰা-মূৰা হৈ মিছাৰ শাৰীলৈ নামে। এই শাৰীৰ লক্ষ লক্ষ বেপাৰীৰ বেপাৰ দহ বছৰৰ আগেয়ে যি মেমেৰা আছিল, আজিও দেখিবা সেই মেমেৰাই আছে, যদি ইমান দিনেও সি জয়-পাতে-ক্ষয় হোৱা নাই। যেনে দেখা যেনে শুনা ঠিক তেনেটি কৰা। কথা ভালকৈ নেজানিলে তাক নকবা | কথা বঢ়াই কোৱাৰ ফালে ঢালকে নলবা।
৫৷ নিজৰ দোষ ততালিকে স্বীকাৰ কৰিবা :
দোষ সকলোৱে কৰে। কিন্তু ভালেমানে তাক স্বীকাৰ নকৰে আৰু কৰিবলৈ লাজ পায়। নিজৰ দোষ বুজিব পাৰিলে কেতিয়াও স্বীকাৰ নকৰাকৈ নেথাকিবা। দোষ সৈ কঢ়াটো ওখ মন আৰু সৎসাহৰ চিনাকি; আসৈ মতাটো নীচ মন আৰু কাপুৰুষতাৰ চিনাকি। বুজিব পাৰিয়েই হওক বা বুজিব নোৱাৰিয়েই হওক মানুহ মাত্ৰকেই দায়-জগৰ কৰাৰ পৰা হাত সাৰিব নোৱাৰে। সেই দায় পিছত বুজিব পাৰিলে খোলা মনেৰে সৈ কাঢ়ি আগলৈ তেনে নকৰিবলৈ মনত থিৰাং কৰি সাহিয়াল পুৰুষৰ শাৰীলৈ যাবা। তেনে কৰাটো অপমান বা লাজৰ কথা কেতিয়াও নহয়। বহুত নামজ্বলা মুখিয়াল বোলোৱা মানুহৰ গাতো এই ফেৰা সৎসাহৰ অভাৱ দেখা যায়। আপোনাৰ গাত ঘাটি হৈছে বুজিব পাৰিলে তাক স্বীকাৰ কৰা মানুহে লোকৰ পৰা সন্মান আৰু শ্ৰদ্ধা আকৰ্ষণ কৰে। দহজনে যাক প্ৰকৃত সমান আৰু শ্ৰদ্ধা কৰে
.
(৭)