ভৰি পিছলিলে, ভৰি ভাগিব, আৰু তোমাৰ ভবিষ্যত ভালৰ আশা-ভৰসাৰ মুখত ছাই পৰিব। এই বহুমূলীয়া গুণটিলৈ আওহেলা কৰি সদাগৰী “অফিচ” আৰু গবৰ্ণমেণ্টৰ “অফিচত” চাকৰি কৰা ভালেমান চোকা বুধীয়া ডেকাই নিজৰ ভৱিষ্যত উন্নতিৰ বাটত নিজে কাঁইট পোতে। আগলৈ ভালৰ আশা কৰোঁতা ডেকাবন্ধুসকল, সাৱধান! এই আৱশ্যকীয় উপদেশটি মনত ৰাখিবলৈ নেপাহৰিবা।
৩। কেতিয়াও কৰ্ত্তব্য কৰিবলৈ নিপিছুৱাবা :
ধৰ্ম্মবুদ্ধি আৰু বিবেকৰ দ্বাৰাই পৰিচালিত হৈ যি
তোমাৰ কৰ্ত্তব্য বুলি জানিবা, তাক কৰিবলৈ কেতিয়াও
পিছ-ভৰি নহবা। সংসাৰত কৰ্ত্তব্য পৰাঙ্মুখ মানুহতকৈ
কাপুৰুষ আৰু নাই। কৰ্তব্যবিমুখ লোকৰ পৰা উন্নতি
এশ যোজন দূৰত থাকে। এহাশুধীয়া হৈ ফলাফল
নিবিচাৰি কৰ্ত্তব্য কৰি যাবা, দেখিবা তোমাৰ মঙ্গল তোমাৰ
মুঠিৰ ভিতৰত।
এই কেষাৰ কথাৰ জোৰ হাতত লৈ সংসাৰৰ এন্ধাৰ বাটত আগুৱাবা।
৪৷ কথা জুখি ঠিককৈ কৰা :
কেতিয়াও ডাল-পাত জোৰা দি বঢ়াই কোনো কথা নকবা। কথা বঢ়াই কওঁতে কওঁতে অভ্যাসৰ বশত লাহে লাহে কওঁতাজন পিছলি মিছাত পৰেগৈ। মিছলীয়া মানুহৰ মিছা কথাৰ আৰম্ভণ কথা বঢ়াই কোৱাত। বেহা-
(৫)