পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
আঠতম তাঙ্গৰণ।

 এই ক্ষুদ্র পুথিখনি অলপ দিনৰ ভিতৰত অনেকৰ আদৰণীয় হােৱাত ইয়াক আকৌ ছাপিব লগা হল, আগৰ দৰে এইবাৰৰ যদি সকলােৱে আদৰ কৰে, তেনে হলে স্বর্গীয় গ্রন্থকর্তাৰ নাম স্মৰণ আৰু এটী উত্তম বস্তু সুৰক্ষিত হয়।

শিৱসাগৰ,
২৩ আঘােণ, ১৮৩০ শক।
শ্ৰী আনন্দৰাম বৰুৱা
প্ৰকাশক।
 
 
নতম তাঙ্গৰণ।
 

 এই সৰু পুথিখনি বি. এ. শ্ৰেণীৰ দ্বিতীয় ভাষাৰ পাঠ্যৰূপে নিৰ্বাচিত হােৱাত কর্তৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি ইয়াক পুনঃ ছপােৱা হল।

 আজি-কালি কাগজৰ মূল্য তিনি গুণ বৃদ্ধি আৰু ছাপা-খৰচ ৪৫ গুণ বৃদ্ধি হােৱাত এই পুথিৰ বেচো অগত্যা তিনি সিকি কৰিবলগীয়া হল।

শিৱসাগৰ,
২৮ জেঠ, ১৮ ৭০ শক।
শ্ৰী আনন্দৰাম বৰুৱা
প্ৰকাশক।