এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
কানীয়াৰ কীৰ্ত্তন
আমাৰ দেশৰপৰা এই কালকূট কেতিয়া দূৰ হব? সিদিনা যে ইস্কুল-পণ্ডিতে ফকৰাটো মাতিছিল, সি সঁচা,
"কেপা-কানি বিহৰ শেষ।
কানীয়াৰ নাই জ্ঞানৰ লেশ॥
হায় হায়! কি ঘোৰ ক্লেশ।
কানিয়েই খালে অসম দেশ॥"
উস্! এই ঠেংটো দেখোন লৰাবই নোৱাৰোঁ, সেই ফালে মৰিল হবলা, (অলপ মান ৰৈ) হয়, ঠেঙ্গৰ ফাল মৰিল; গ্ৰহণী-ৰোগ দেখি হে জ্ঞানটো আছে। গ্ৰহণী-ৰোগত মৰিবৰ যোগীৰো বাঞ্ছা বুলি যে মানুহে কয়, তাৰ এয়েহে কাৰণ — মৰিবৰ সময়লৈকে জ্ঞান নুগুচে। এতিয়া সকলো কথা এৰি ঈশ্বৰৰ নামহে লব লাগে, ৰাম-কৃষ্ণ, ৰামকৃচ্ — (অমাত।)
(সকলোৰে প্ৰস্থান। )
সম্পূৰ্ণ