পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
কানীয়াৰ কীৰ্ত্তন

ইহকালত যে ইমান কষ্ট ভুগিছোঁ, পৰকালতো জীৱটোৰ অসজ গতি কৰিলোঁ, জল পিণ্ডৰো আশা নাই। মোৰ বেজাৰতে তিৰোতা জনীও মৰিল। সতী-তিৰোতাৰ গিৰীয়েকত্‌কৈ মৰমৰ বস্তু একো নাই, তাক এতিয়াহে জানিলোঁ। মোক কানি খাই ধন উৰুৱা দেখি কেটকেটাই থকাত কুটুমক বেয়া পাইছিলোঁ, আৰু নিচেই নিমৰমিয়াল বুলি ভাবিছিলোঁ। এতিয়া শুনিছোঁ, মই ফাটকত পৰাৰ কথা শুনিয়েই মোৰ ভৈয়াই মূছকঁছ গল, সেয়ে বনি হৈ দহ দিনৰ মূৰত প্ৰাণ এৰিলে। ইয়াত্‌কৈ আৰু মৰমৰ চিন আন কি লাগে? আই ঐ দেহি ডুখৰি! মোৰপৰা এদিনলৈও সুখ যে নে পালেই, শেহত ময়ে তাইৰ বধৰ ভাগী হলোঁ। মই কুকাম কৰি ফাটকত নপৰা হলে মোৰ ভৈয়াই তেনেকৈ কিয় মৰিব? মোৰ কুটুমে মোৰ ফাটকত পৰাৰ কথা শুনিয়েই দেহকে এৰিলে, মোৰ কেনে লেটেকা জীৱ, তেওঁ মৰা শুনিও মই মৰিব পৰা নাই। তেওঁক ৰোগে পীড়ি ললে, আৰু সৰহ বেলি এই সংসাৰত ললাট নাই, অলপতে মোৰ জীউটিৰে সৈতে লগ লাগিব পাৰিম গৈ। (অলপ ভাবি চাই) হায় হায়! কি আশা কৰিছোঁ? মোৰ কুটুমৰ শুধ জীৱ আছিল, পোনে-পোনে স্বৰ্গলৈ গল। মই পাপীয়ে যিবোৰ কাম কৰিছোঁ, স্বৰ্গৰ ফাললৈ মুখ কৰিবই নোৱাৰোঁ, ৰৌৰৌ-নৰকতহে মোৰ ঠাই হব। কানি, তো ভাল মহিমা! তই মানুহৰ ইহকাল, পৰকাল দুইকো নষ্ট কৰ।