সমললৈ যাওক

পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
কানীয়াৰ কীৰ্ত্তন

এতেকে এটা বুধি কৰোঁ। (ফুটাই) শইকীয়া, দৰব মলিবলৈ মলা এটা দিয়াঁ।

 বৃকো। — ভাল, এই ধৰোক। (মলা-দান)

 কীৰ্ত্তি। — (বৃকোদৰে নেদেখাকৈ কানি-ফেৰা মেৰতলিত সুমুৱাই শুদা হাতটো মোহাৰি পানীটোপা খাই জলপান কৰি) শইকীয়া, জল-খোৱা হল, এতিয়া তামোল দিয়াঁ।

 বৃকো। — (আধলি এটাৰে সৈতে তামোলৰ বঁটা আগত থৈ সেৱা কৰি) মোৰ আজি বৰ ভাইগ।

 কীৰ্ত্তি। — (মনে-মনে) বামুণ হোৱাৰ অনেক গুণ। বামুণে ভিতৰত যিমান অকৰ্ম্ম কৰোক, বাহিৰত লোকক দেখুৱাই সন্ধ্যা-পূজা কৰি ফোঁটটো লৈ থাকিলেই সকলোৰে পৰা মান পায়। মই যিবোৰ কাম কৰিছোঁ, মোৰ ন-গুণৰ গোসাঁই কেতিয়াবাই পলাল; তেও বাহিৰত সঁচাই মিছাই সন্ধ্যাটো কৰি ফোঁটটো লৈ থাকো দেখি এটায়ে বামুণ বুলি মানে। কথাতে কয়, বোলে, "লুকাই বীৰয়া এটাই; দেখাই বীৰয়া কোনো নাই।" (ফুটাই) কুশল হওক। (তামোল আৰু দক্ষিণা লৈ) শইকীয়া, মই এতিয়া যাওঁ।

 বৃকো। — ভাল দেউতা।

(দুইৰো প্ৰস্থান। )