এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
কানীয়াৰ কীৰ্ত্তন.
বৃকো। — নাম-ঘৰলৈ এবাৰ গৈ আহিলে ভাল হয়।
কীৰ্ত্তি। — মোৰ ভিতৰলৈ যাবৰ মন নাই, বাহিৰৰেপৰা বিদায় দিয়া হলে ভাল আছিল, তেও ন গলে তুমি ভাল পাবা নে? বলা যাওঁ।
⸻⸻
দ্বিতীয় দৰ্শন।
⸻⸻
বৃকোদৰ শইকীয়াৰ নাম-ঘৰ।
(কীৰ্ত্তিকান্ত আৰু বৃকোদৰৰ প্ৰবেশ)
কীৰ্ত্তি। — শইকীয়া! জলপান কৰিবলৈ যে মাতিলা, সজ দৰব এফৰা আনা; কালিৰেপৰা বজাৰৰ আফিং খাই পেতৰ কামোৰে ধৰিছে।
বৃকো। — [জঁপা কানি এচটা দি] এইয়া ধৰোক।
কীৰ্ত্তি। — [মনে-মনে] জলপানটো ভালকৈ দিছে। আজি দুপৰীয়া ভাত-খোৱাও ভাল ন হল; ইয়াৰেই ভোক গুচিব। কানি-ফেৰাও ভাল, এতিয়া নে খালে কালিৰ দিনটো ইয়াৰেই যাব। এতিয়া যি হে লাগে, কিন্তু নিচেই নোখোৱাকৈ লৈ যোৱা দেখিলেও সি বেয়া বুলিব।