পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
কানীয়াৰ কীৰ্ত্তন

বৰ ভক্তি। বাপেকৰ শৰাধটো বৰ শ্ৰদ্ধাৰে কৰে, নজনা ভাৱতে ইয়ালৈ আহিছোঁ, ভাল হৈছে, অৱশ্যে কানি দোৰোজ-মান পাম, আৰু দক্ষিণাৰ বাবে পইচাও অনা-চেৰেক পোৱা যাব। কিন্তু সি মোক মতা নাই, এতেকে শৰাধৰ বুজ নোপোৱা যেন দেখাওঁ। বুজ পাই নমতাকৈ অহাটো বৰ লাজৰ কথা। [ফুটাই] আজি দেখোঁ শইকীয়াৰ ঘৰত বৰ জঞ্জাল, কি নো হৈছে?

 বৃকো। — অ! আমাৰ ডেকা-বৰুৱা দেও! আহোক, বহোক হি, দেউতা, আজি মোৰ পৰম ভাইগ।

 কীৰ্ত্তি। — ন হয়, শইকীয়া, আজি তোমাৰ ঘৰত বৰ জঞ্জাল; মই ন বহোঁ, বিশেষ সকাম একো নাই, এনেই হে আহিছোঁ, এতিয়া যাওঁ, আন এদিন আহিম আকও।

 বৃকো। — [হাত-যোৰকৈ] ন হয়, দেউতা, আজি বোপাইৰ পিণ্ড এটা দিলোঁ, তাতে, আপোনাসকলক মাতিবৰ আমাৰ শক্তি নাই, তেও মোৰ ভাইগৰ গুণে আপুনি ধূলা পেলাবলৈ আহিছে, অলপ বহোক; শক্তিৰ ইছাৰে যি পাৰোঁ, অলপ সেৱা কৰোঁ, তেহে মোৰ মনটোত ভাল লাগিব।

 কীৰ্ত্তি। — (মনে-মনে) ময়ো তাকে হে বিচাৰি আহিছোঁ, [ফুটাই] আজি যে তোমাৰ ঘৰত শৰাধ, সেইটো কথাৰ মই বুজকে পোৱা নাই। বাৰু, তুমি যে বৰকৈ ধৰিছা, অলপ বহোঁ, তেও মোক সোনকালে বিদায় দিয়া।