পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
কানীয়াৰ কীৰ্ত্তন

কলা পকাইছিল, এতিয়া দেখোন তাৰ বাকলি হৈ আছে গৈ।

 চন্দ্ৰ। — কানীয়া মানুহৰ গুৰু আছে নে গোঁসাই আছে? পেটটো তুষ্ট হলেই সকলো হয়। হোঁৱা, তামোল ধৰাঁ।

 কিনা। — (তামোল লৈ) আই? মই এতিয়া যাওঁ, বন আছে।

(দুইৰো প্ৰস্থান)

কীৰ্ত্তিৰ চৰাঘৰ।
(কীৰ্ত্তিৰ প্ৰবেশ।)

 কীৰ্ত্তি। — (মনে-মনে) গ্ৰহণীৰ দৰব বুলি তিৰোতাজনীক কানি খুৱালোঁ, এতিয়া তাইৰ ৰাগী বহিল, তাই তাক এৰিব নোৱাৰে। কানি খাবলৈ নে পালে এতিয়া হাতৰ-কাণৰ বেচিও কানি আনিবলৈ দিব; কানি-খোৱাৰ বাবে মোক কেটকেটাই থাকিবও নোৱাৰে।

(চন্দ্ৰপ্ৰভাৰ প্ৰবেশ। )

 চন্দ্ৰ। — (গিৰীয়েকক মাত লগাই) ভাল কামটো কৰিলা তেও, আপুনি যে মৰিলা, মোকো মাৰিলা, এনেটো টাঙ্গোন নে মাৰাঁ বুলি হে আছিলোঁ। কেলেই মোৰ নকৰত পৰিলা?

 কীৰ্ত্তি। — (লাহে-লাহে) কি কৰিম, মই নো তোমাক পাৰোঁতে বৰবিহ খুৱাইছোঁ নে? খৰে ধৰি তত্‌ নাই,