পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কানীয়াৰ কীৰ্ত্তন

কল-থোকা আনিছিলোঁ, পকিব পায়, তাৰে এটা নিলগে আনি তিতাটো মাৰোঁ। লৰাই আগেয়ে খালে মাক-বাপেকলৈ বস্তু অশুচি ন হয়; সৰুত আমাক আগেয়ে খুৱাই হে আই-বোপায়ে খাইছিল, এতিয়া ডাঙ্গৰ হলোঁ কি হল? আই-বোপাইৰ মনত তেও লৰা হে! (কলা ভক্ষণ) — কানিৰ ৰাগী এৰালত হামি আহিবলৈ ধৰিলে দেখি লৰালৰিকৈ কানি-ফেৰা খালোঁ, সন্ধ্যাটো কৰিবলৈও নহল, এতিয়া যাওঁ, শুধে-অশুধে সন্ধ্যাটো গাই ফোঁট এটা লৈ আহোঁ গৈ, কানি-ফেৰা খাই কলা দুটা হে খাইছোঁ, ইয়াত বৰ দোষ নাই, শস্ত্ৰতো তাৰ বিধি আছে।

(প্ৰস্থান)

(কিনাৰাম বৰগিৰীৰ প্ৰবেশ)

 কিনা। — আই, কি কৰিছে?

 (ভিতৰৰ পৰা) কোন, বৰগিৰী নে সেইটি?

 কিনা। — হয়, আই, আছে যদি ছালি-এখান দিয়ক, মুখ-খান গুচিল আৰু।

(ভিতৰৰ পৰা) বাৰু বহাঁ, মোৰ হাত আজৰি হক। (তামোলৰ বঁটা লৈ চন্দ্ৰপ্ৰভাৰ প্ৰবেশ)

 কিনা। — (মনে-মনে) ডেকা ডাঙ্গৰীয়াই বাপেকৰ শৰাধলৈ বুলি কলা পকাই পেট-পূজা হে কৰিলে হবলা। (প্ৰকাশকৈ) আই! সিদিনা যে বুঢ়া ডাঙ্গৰীয়াৰ শৰাধলৈ