পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কানীয়াৰ কীৰ্ত্তন

 কীৰ্ত্তি। — বিকা অঁ! জলপান কৰিবলৈ কি আছে, লৈ আহ।

(দৈ-গাখীৰ আৰি চিৰাৰে সৈতে বিকাৰ প্ৰবেশ, আৰু প্ৰস্থান।) (সকলোৰে ভোজন)

 শিৱ। — বান্ধ, মোৰ নামে মুক্তিয়াৰনামা দিয়ক, আৰু সোণৰ খাৰু এযোৰ দিয়ক, মই কৈছোঁ ন হয়, একে টিলিকতে মৌজা লৈ দিম। (টিলিকি) আপুনি নে জানে নে? হালবাট চাহাবে, খাজনা বাকী পৰাত দিহিঙ্গীয়া ফুকনৰ মৌজাটো গুচাইছিল, পাচে তেওঁ গুৱাহাটীলৈ গৈ সোণৰ বাখৰাম আঙ্গঠী এটা হে দিলে, তেতিয়াই মৌজা পাই উলটি আহিল।

 কীৰ্ত্তি। — বান্ধ, মই তাক জানো, খাৰু অৱশ্যে দিম।

(সকলোৰে প্ৰস্থান)

⸻⸻

 

তৃতীয় দৰ্শন

⸻⸻

কীৰ্ত্তিকান্তৰ শোৱনি-ঘৰ।

(কীৰ্ত্তি আৰু চন্দ্ৰপ্ৰভাৰ প্ৰবেশ।)

 কীৰ্ত্তি। — আজি কানি এফেৰিও নাই; কি হব? আগেয়ে চাকিয়ে-চাকিয়ে পান উৰাইছিলোঁ, এতিয়া দেখোঁ