পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
কানীয়াৰ কীৰ্ত্তন

 শিৱ। — আপুনি যে কানীয়াৰ কানীয়াৰ মৰম বুজাৰ কথা কৈছে, মহাৰাণীয়ে জানো কানি খায়?

 তোতা। — এ! নেখায় নে?

 ৰাম। — কানি নো কেনে বস্তু, তাক জানিলে হে হয়।

 তোতা। — মই ভাবিছিলোঁ, বোলোঁ আমাৰ দেশৰ. দেখোন, ৰজাৰপৰা কুৱঁৰীলৈকে সকলোৱে কানি খায়; মহাৰাণী এই জম্বুদ্বীপৰ গৰাকিনী হৈছে, তেওঁ কানি নে খায় থাকিব কিয়? যদি নে খায়, তেনে হলে নো কি হব? আৰ্জী দিয়া শুদা; তেওঁ আমাৰ কি দুখ পতিয়াব?

(নলীচাৰ মূৰত পাণৰ টিকিৰা দি শিৱকান্তৰ টোপনি।)

 ৰাম। — (চকু মুদি মুদি আপোনাৰ পিঠি বুলি শিৱকান্তৰ পিঠি খজুৱাই) উঃ! খজুৱাওঁ হে খজুৱাওঁ, তেওঁ একো পোনে সুতেই নে লাগে, আজি কি নো হৈছে, পিঠিখানত কবই নোৱাৰোঁ। ৰ, বাপেৰে, তাড়কা-ৰাক্ষসীৰ দাঁত লগাও, তেহে তোৰ জুতি লাগিব, (পাণৰ কাঠীৰে ৰোকন)।

 শিৱ। — [গা জিকাৰ মাৰি] ঈহ্‌! মহে খাই ঢুকালে। (পিঠিত চাপৰ মাৰি, অলপকৈ চকু মেলি চাই) ঈহ্‌! চোৱাঁহঁকচোন, মহটোৱে কিমান তেজ খালে।

 তোতা। — ন হয়, জোকে খালে হবলা।

 শিৱ।— খাওক, কিমান নো খাব?