পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
কানীয়াৰ কীৰ্ত্তন

আনিছিল, মই চোৱা হে নাই, চাওঁচোন, হেৰ বিকা অ! মোৰ কাকতৰ টোপোলাটো লৈ আহ।

[কাকতৰ টোপোলাৰে সৈতে বিকাৰ প্ৰবেশ আৰু টোপোলা থৈ প্ৰস্থান। ]

 শিৱ। — [টোপোলা মেলি] ৰাজখোৱা-দেও, এই খান পৰণা চাওক।

 তোতা। — (পৰণাখন চাকিৰ গুৰি লৈ নি চকু দুটা ঘোপাকৈ চাই) মই দেখোন মতিবই নোৱাৰোঁ, চকুত চলিহাই ধৰিলে নে কি? আ-আ-আ, ফত্‌ উকাৰে ফু, অ! আফু, আফু-খেতি কৰিবলৈ মানা কৰিছে হয়। অস্‌! অস্‌! এনে হে হ’ল কালৰ গতি! (হুমুনিয়াই) আকও শুনিছোঁ, বোলে, এইটো লাট-চাহাবৰ হুকুম; ইয়াক বিলাতৰ মহাৰাণীত বাজে আন কেৱে ভাঙ্গিব নোৱাৰে।

 ৰাম। — এইদৰে হলে দেখোন দেশ ভাগিব লগা হল, কি হব?

 তোতা। — মোৰ মনেৰে হলে কানীয়াই কানীয়াৰ মৰম ন পতিয়ালে পতিয়াওঁতা আন নাই, এতেকে আমি এটাইবোৰে গোট খাই বিলাতৰ মহাৰাণীৰ তলৈ এখান আৰ্জী পঠিয়াই দিওঁহঁক। তেওঁ আমাৰ, কানীয়াৰ মৰম বুজে, আপুনি কানি-খেতি কৰিবলৈ হুকুম দিব।