পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কানীয়াৰ কীৰ্ত্তন

ৰূপ আৰু কেনেকৈ থাকিব? আপুনি এটা কাম কৰোক; সোনকালে আফিল পঠিয়াই দিয়ক। আপোনাৰ মৌজা নু গুচে, আপোনাৰ বাপতিসাহন, দুটকা ৰূপ বাকী পৰিল বুলিয়েই কোনবাই গুচাব পাৰে নে?

 কীৰ্ত্তি। — তালৈকে আপুনি যাব নোৱাৰিলে আফিল কৰাৰ কৰাৰ কি সকাম?

 শিৱ। — বান্ধ! মই থকাত আপুনি কেলেই যাব লাগিছে? মোৰ নামে মুক্তিয়াৰনামা দি দিয়ক, মই মৌজা লৈ দিম, তালৈ ভয় কি? সোণৰ খাৰু এযোৰ-মান হে খৰচ কৰিব লাগিব, একে টিলিকতে মৌজা পাব।

 কীৰ্ত্তি। — [মনত ৰং হৈ] হেৰ বিকা অ!

[ভিতৰৰপৰা] দেউতা!

 কীৰ্ত্তি। — হেৰ, আমাৰ ভকত-সেৱাৰ সমল লৈ আহ।

[তিনটা ধোঁৱা খোৱা, তিনি চাকি পাণ আৰু একোছা কাঠীৰে সৈতে বিকাৰ প্ৰবেশ আৰু প্ৰস্থান। ]

(পাণ খোৱাৰ আৰম্ভ)

 ৰাম। — টোপনি পাণৰ সখিয়েক হবলা, মই দেখোঁ পাণৰ হোঁপা মাৰিলেই টোপনিয়ে চকু জপাই নিয়ে।

 শিৱ। — সখিয়েক ন হয়; পাণে টোপনিৰ বৰ লৈছিল; এই দেখি হে টোপনিয়ে পাণৰ লগ নেৰে।

[পাণৰ নলী মুখত লৈ ৰামেশ্বৰ দলৈৰ টোপনি। ]