বঙ্গালী বাবু হৈছে হামাৰ নাম হৈছে ঘিঁদাছ মজ্কুৰী পিয়দা বাবু।
বিকা। — (মনে-মনে) কেৰেঙ্গীমখাও বাবু; ইস্কুল মেহতৰো বাবু; লোণ-বেচা কেঞাও বাবু, নাৱৰ গুৰি-দিয়া মাজীও বাবু, হায় হায়! কালৰ ঘটি! এতিয়া পিয়দাও হল বাবু। বাবু-বোলোৱাৰ ধিকাৰ! ই আকৌ এতিয়াও মজ্কুৰী হৈয়েই আছে, মকৰৰী হব পৰাই নাই; তাতেই ইমান গপ! [ফুটাই] বাৰু মই ডাঙ্গৰীয়াক জনাও গৈ।
[বিকাৰ প্ৰস্থান]
পি। — (পৰণা এখান আগলৈ পেলাই দি) এই পৰণাৰ হুকুম আভি আমোলে আনিবাৰ লাগে; নাহিতো হামি পাকুৰি লৈ যাব।
কীৰ্ত্তি। — [পৰণা চাই মনে-মেন] সৰ্ব্বনাশ! আমাৰ কাম আহিল, মৌজাটো যে গুচিলেই, এতিয়া মালো বেচা যায়। (প্ৰকাশকৈ) মাল বিক্ৰী কৰিব নে লাগে, মই কালিলৈ ধন শোধাম গৈ, তুমি এতিয়া যোৱাঁ।
পি। — নাহি, এনেই এৰি যানেকো হুকুম নাহি, টকা দেও, নাহিতো মাল দেও। এক বিধ পাইলে হে হামিলোক যাবাৰ পাৰোঁ।
কীৰ্ত্তি। — আচ্ছা, যদি ইমানলৈকে বাট নো চোৱাঁ